পৃষ্ঠা:সম্ভৱতঃ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰোগী প্ৰয়াগ ইয়াৰ আগতে আৰু এবাৰ খুব গভীৰভাৱে পৃথিৱী আৰু জীৱনৰ প্ৰেমত পৰিছিল। অদিতি কাষত আছিল তেতিয়া। তাই তাৰ ওচৰলৈ অহাৰ পৰা আঁতৰি যোৱালৈকে আকাশখন বেছি নীলা দেখিছিল প্ৰয়াগে। উদং পথাৰ আৰু লাউমূৰা পাহাৰবোৰেও তাক সোঁৱৰাব পাৰিছিল জীৱনৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা। নতুন ৰং-ৰূপেৰে জীপ লৈ উঠিছিল প্ৰকৃতি। তাৰ ছবিত সেউজীয়া ৰঙৰ পয়োভৰ বাঢ়িছিল। বলিষ্ঠ আৰু আশাদীপ্ত হৈ পৰিছিল ছবিৰ ৰেখাবোৰ।

 জীৱন আৰু পৃথিৱী উকা কৰি অদিতি আঁতৰি গ'ল। সি বিচৰাৰ দৰেই অনিৰ্বাণ মৃত্যুৰ সেই নিৰ্মম সত্য সি হিমানৰ কণ্ঠৰপৰা নিঃসৃত হোৱা শুনিলে। কিন্তু অদিতিৰ লগে লগে অন্তৰ্হিত হোৱা জীৱন-তৃষা মৃত্যুৰ নিশ্চিতিয়ে অতি গভীৰভাৱে তাৰ হৃদয়ত জগাই তুলিলে। জীৱনক পৃথিৱীৰ লগত সাঙুৰি থোৱা জৰীডাল কিমান দৃঢ় মৃত্যুৰ দুৱাৰডলিত ৰৈ থাকোঁতে সি বুজি উঠিল।

 দুটা দিন ৰং আৰু তুলিকাৰ লগত প্ৰয়াগ ব্যস্ত হৈ থাকিল। মৃত্যুৰ আগেয়ে জীৱনৰ এই মোহ সি অংকন কৰি যাব লাগিব৷ জীৱনৰ বাকী থকা দিনকেইটা অধিক কষ্টকৰ কৰি তুলিব পাৰে বুলি জনাৰ পাছতো সি নিচা নোহোৱালৈকে মদ খালে। শৰীৰ মনৰ স্বাভাৱিক অৱস্থাত অস্বাভাৱিক সুন্দৰ জীৱন্ত ছবি এখন অংকন কৰিব পৰা নাযায়।

 তাৰ সন্মুখৰ কেনভাছত তাৰ স্বসৃষ্ট ৰেখাবোৰে বাৰে বাৰে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। বুকুৰ পৰা জীৱন জীৱন এক অৰণ্যৰোদন হাতৰ আঙুলি গৰকি তুলিকাৰে কেনভাছলৈ নামি আহে। তাৰ পাছত ৰেখাবোৰ সময়ৰ দৰে অবিশ্বাসী হয়— যি একান্ত নিজৰ হোৱাৰ পাছতো নিয়ন্ত্ৰণ হেৰুৱাই প্ৰতাৰণা কৰে। বাৰে বাৰে ব্যৰ্থ হোৱাৰ পাছতো জীৱনৰ অংশ এই অনিয়ন্ত্ৰিত সৃষ্টি, সৃষ্টিৰ পৰা উদ্ভুত যন্ত্ৰণা তাৰ ভাল লাগে। ভুলবোৰ, গতি আৰু স্থবিৰতাৰ সাফল্য আৰু নিষ্ফলতাৰ প্ৰেমত সি আকণ্ঠ ডুব যাব খোজে।

 ক্ৰমান্বয়ে কেনভাছ ভৰি উঠে। প্ৰয়াগ চকিত হয়। কি আশ্চৰ্য সুন্দৰতাৰে তাৰেই সৃষ্টিয়ে তাক মোহিত কৰিছে। অথচ সি আশা কৰাৰ দৰে জীৱনৰ প্ৰতি থকা হাবিয়াস, পৃথিৱীৰ প্ৰতিটো বস্তুৰ লগত জড়িত হৈ থকা আবেগতো পৰিস্ফুট হৈ উঠা নাই ছবিখনত। চিন্তাক্লিষ্ট প্ৰয়াগে এসময়ত তাৰ হৃদয়, জীৱন আৰু ছবিখনৰ মাজত থকা সম্পৰ্ক বুজি উঠে। কেনেবাকৈ সি আশ্বস্ত হয়। সি ছবিখনৰ এটা শিৰোনামা দিয়ে আৰু দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰাৰ দৰে এক গভীৰ অথচ মধুৰ ক্লান্তিত বিছনাত পৰি ৰয়। বিছনাৰ কাষৰ খিৰিকীখনৰ সিপাৰে থকা গোলাপজোপাৰ কোমল পাতবোৰত তেতিয়া পূৰ্বাচল বিদাৰি অহা ৰ’দালিয়ে চিকমিকাইছিল।

 তৃতীয়দিনা আবেলি যথেষ্ট সুস্থ অনুভৱ কৰিলে প্ৰয়াগে। খিৰিকীখন খুলি অভ্যাসবশতঃ সি বাহিৰলৈ চাই আছিল। তাৰ চকুৰ সন্মুখত ৰ’দ জলমল আকাশখন মেঘময় হৈ পৰিল আৰু অলপ পাছতে হুৰহুৰাই বৰষুণ পৰিবলৈ ধৰিলে। দুহাত মেলি সি বৰষুণৰ শীতল, ক্ষণভংগুৰ শৰীৰ চুই চালে। বৰষুণৰ ৰেৱাজ শুনি শুনি অন্তিম দিনটোলৈকে তেনেদৰে ৰুদ্বিগ্ন হৈ বহি থাকিবলৈ তাৰ মন গৈছিল। কিন্তু, অলপ সময়ৰ পাছতে বৰষুণজাক আঁতৰি গ’ল। ভিজা মাটিৰ ভাল লগা গোন্ধটো লৈ লৈ সি নামি আহিল। হিমানৰ ওচৰলৈ যাব লাগিব।

সম্ভৱতঃ ● ৫৬