পৃষ্ঠা:সম্ভৱতঃ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এইবাৰ মোৰ খং উঠিল। সম্ভাৱনাময় অপেক্ষাৰ এই সময়খিনিত মই নিজকে উবুৰিয়াই দিবলৈ বিচাৰিছিলোঁ। খুব পৰিছন্ন হৃদয়-মনেৰে ‘তেওঁ’ৰ মুখামুখি হোৱা ইচ্ছা আছিল মোৰ।

 কিন্তু, অৰুণা চৌধুৰীৰ মোক লৈ হোৱা চিন্তাৰ যেন অন্তই পৰিব নোখোজে।


 ‘তুমি হ’ল বুলিয়েই ইমান ভাল চাকৰিটো এৰি দিবা নালাগিছিল। চোৱাচোন এতিয়া এই মস্ত ফ্লেটটোৰ পৰা ওলাই গৈ তুমি বিধৱা মাৰাৰ দুকোঠলীয়া ঘৰটোত সোমাব লাগিব। কি যে কৰিবা...”

 ‘বাইদেউ, এতিয়া মোৰ এজন বিশেষ আলহী অহাৰ কথা আছে। আপুনি যাব নেকি —’ বৰ তীক্ষ্ণ অথচ নম্ৰ স্বৰেৰে মই ক’লোঁ।

 ‘আলহী? তোমাৰ দেখোন কোনো বন্ধু-বান্ধৱী নাই। মাৰাৰ বাদে পৰিয়ালৰ আন মানুহো কেতিয়াও অহা নাই। কোন আলহীনো??

 কঠোৰ সুৰেৰে কিবা এটা ক’বলৈ ধৰি মই থোতা-মোজা খালোঁ। এই যে, ‘তেওঁ’ৰ বাবে মোৰ আকুল অপেক্ষা- যি এক প্ৰতিশ্ৰুতি, এটি উৎসৱ হৈ আহিব লাগিছে— ‘কোন তেওঁ? মই মনত পেলাব পৰা নাই।

 কিন্তু, মোৰ ভাব হ’ল, লোকৰ কথাত মূৰ সুমুৱাই ফুৰা অৰুণা বাইদেৱে নিশ্চিতভাৱে এই অপেক্ষাৰ আনন্দখিনি ধূলিস্যাৎ কৰি পেলাব। আজি সন্ধ্যাৰ যি বিশেষ অতিথি ‘তেওঁ’ৰ সৈতে হ’বলগীয়া মোৰ নিবিড় আৰু বহু অপেক্ষাৰ শেষৰ আলাপ— সেয়া নিশ্চিতভাৱে বিঘ্নিত কৰি পেলাব এই মানুহজনীয়ে।

 এটা মুহূৰ্তত মই হাতেৰে ডাঙৰ ফুলদানি এটা দাঙি লৈ অৰুণা বাইদেউৰ মূৰত আঘাত কৰিলোঁ। সম্ভৱতঃ তেওঁৰ বাবে এই আঘাতটোতকৈও ডাঙৰ আছিল আশ্চৰ্যৰ আঘাত। দুচকু বিস্ফোৰিত কৰি মানুহজনী ছোফাতে কাটি হৈ পৰিল আৰু চেতনা হেৰুৱালে।

 এইবাৰ মই সন্তুষ্ট হ’লোঁ৷ ‘তেওঁ’ আহি মোৰ ড্ৰয়িংৰূমত চেতনাহীন মানুহ এজনী দেখিলে কি বুলি ভাবিব? অৰুণা বাইদেউৰ মূৰৰ ক্ষত স্থানৰ পৰা তেজৰ এটা স্ৰোত বৈ আহিছিল। ছোফাৰ কুশ্যনত যাতে তেজ নপৰে তাৰ বাবে মই তেওঁৰ মূৰটো মজিয়াৰ ফালে হাউলাই দিলোঁ। বগা মাৰ্বলৰ মজিয়াত তেজৰ ধাৰটোৱে অদ্ভূত নক্সা এটাৰ সৃষ্টি কৰিছিল। নক্সাটোৰ ফালে চাই মই কৰ্তব্য স্থিৰ কৰি পেলালোঁ—।

 খুব কষ্ট কৰি অৰুণা বাইদেউক মই ছোফাৰ পৰা মাটিলৈ নমালোঁ। যদিও মই তেওঁক বেডৰূমলৈ টানি নি বিছনাৰ তলত লুকুৱাব বিচাৰিছিলোঁ সেয়া সম্ভৱ হৈ নুঠিল। ভীষণ শকত মানুহজনীক টনাটো বৰ কঠিন কাম আছিল। অৱশেষত ড্ৰয়িংৰূমৰ একোণলৈ মানুহজনীক টানি নিবলৈ মই সক্ষম হ’লোঁ। ছোফা আৰু ডিভানখন টনা-টনি কৰি এনে এক অৱস্থানলৈ আনিলোঁ য’ৰ পৰা মানুহজনীৰি শৰীৰটো বহু পৰিমাণে ঢাক খাই যায়। এইবাৰ বেলকনিৰ পৰা দুটা ফুলৰ টাব আনি সম্পূৰ্ণৰূপে অৰুণা বাইদেউৰ চেতনাহীন দেহটো লুকুৱাই পেলালোঁ। এতিয়া ড্ৰয়িংৰূমৰ এখন দেৱালত গা লগাই ছোফাৰ আঁৰত যে মানুহ এজনী পৰি আছে সেয়া কোনোমতেই কোঠাটোত সোমাই ধৰিব পৰা নাযায়।

 মাৰ্বলৰ মজিয়াত পৰি ৰোৱা তেজৰ ধাৰটো ধুই পৰিষ্কাৰ কৰি মই পুনৰ এজনী নিৰ্জু

সম্ভৱতঃ ● ৫১