পৃষ্ঠা:সম্ভৱতঃ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘ভালে আছোঁ আমি মা।’

 ‘মোৰ তোলৈ বৰ চিন্তা হয় মানু। নিজৰ যত্ন ভালদৰে ল’বি। আদিক কথাবোৰ মৰমেৰে বুজাবি। খং-কাজিয়া কৰি মতা মানুহক বশ কৰিব পৰা নাযায়।’

 ‘নাই মা। কথাবোৰ ঠিক হৈ আহিছে। আমি ভালে আছোঁ। তুমি নিজৰ যত্ন ল’বা।...’

 অ’, আৰু এটা কথা এম ই স্কুলত পঢ়ি থাকোঁতে তুমি যে এবাৰ মোৰ কলম এটা মাইনাই চুৰ কৰা বুলি কওঁতে মিছা কথা কোৱা বুলি মোক বৰকৈ পিটিছিলা, মনত আছেনে মা, — মাইনা যে — বৰুৱা হেডছাৰৰ ছোৱালী, তুমি তেতিয়া আমাক ইংৰাজী পঢ়ুৱাইছিলা – মা, মই মিছা কথা কোৱা নাছিলোঁ। সঁচাকৈ তাই মোৰ কলমটো চুৰ কৰিছিল। সদায় মোৰ প্ৰিয় বস্তুবোৰ আনে কিয় চুৰ কৰি লৈ যায় মা?’

 ‘মানু, মানু... কি বকিছ এইবোৰ... ক’ৰ কলম, কেতিয়াৰ কথা— হে হৰি..’

 মাৰ মাতটো আকুল কান্দোন এটাৰ দৰে হৈ আহিল। কিন্তু, আজিৰ এই সময়খিনিত বিষাদ-গধূৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ মোৰ অলপো মন নাই। মাৰ সৈতে কথা পতাৰ ইচ্ছা থকা সত্ত্বেও মই ৰিচিভাৰটো থৈ দিলোঁ।

 খিৰিকী খুলি বাহিৰলৈ ভুমুকিয়াই চালোঁ। ধূলিৰ ধুমুহাৰ বেগ কিছু কমিছে। অৱশ্যে সকলোতে এটা স্পষ্ট ধূলিয়ৰি ভাব। কিন্তু, তেওঁ এতিয়া আহিব পাৰিব।

 ড্ৰয়িংৰূমৰ একাষত ৰঙা জবা ফুল আৰু নাৰিকল পাতৰ এটা পুষ্পসজ্জা আছিল হাতেৰে মোহাৰি চাই দেখিলোঁ ধূলিৰ একেবাৰে মিহি তৰপ এটাই ফুলৰ পাহি আৰু নাৰিকল পাতবোৰ ঢাকি ধৰিছে। ফুল-পাতবোৰ ভিজা কাপোৰ এখনেৰে খুব আলফুলকৈ পৰিষ্কাৰ কৰিলোঁ।

 এনেতে কলিংবেলৰ শব্দ শুনা গ’ল। মোৰ বুকুৰ ভিতৰত যেন একেলগে কেইবাটাও মন্দিৰৰ ঘণ্টা বাজি উঠিল। অৱশেষত তেওঁ আহি পালে। ঠিক এই মুহূৰ্তৰ পৰা নিশ্চল কথা কোৱা মৰা শ হোৱাৰ প্ৰক্ৰিয়া অভিমুখি মোৰ জীৱন সলনি হোৱাৰ কথা।

 দুৱাৰ খুলি মই হতভম্ব হ'লোঁ। দ্বিতীয় মহলাৰ তিনি নম্বৰ ফ্লেটত থকা অৰুণা বাইদেউ।

 সোমায়ে আৰম্ভ কৰিলে মানুহজনীয়ে—

 ‘ইচ ইচ। কি চেহেৰা কৰিছা মানসী। ইমানকৈ খীনাইনে মানুহ।’

 ‘..................’

 ‘আদিত্যই বোলে ডিভোৰ্চ বিচাৰিছে, নিদিবা নিদিবা। কি বুলি ভাবে এই মতা মানুহবোৰে আমাক। একেলগে কাম কৰা সেই লংপেণ্ট পিন্ধা পাখৰীজনীক আনিব হ’ব পায়!

 মোৰ কাণত একো সোমোৱা নাই। মই ‘তেওঁ’ৰ কথা ভাবিছোঁ। কিয়া ইমান পলম কৰিছে তেওঁ। এই যে সন্ধ্যা লাগি ভাগো ভাগো।

 অৰুণা চৌধুৰী নামৰ মস্ত শকত শ্লিভলেছ ব্লাউজ পিন্ধা মানুহজনী ছোফা এখনত আৰামকৈ বহি ল'লে। মোক কাষতে বহিবলৈ ইংগিত দি মন্ত্ৰণা দিয়াৰ ভংগীত ক’লে ‘মই তাবিজ দিয়া মানুহ এজনক জানো। দাদাৰা যে অৰুণা অৰুণা বুলি মোৰ পাছে পাছে

ঘূৰি ফুৰে এনেয়ে বুলি ভাবিছা নেকি? তাবিজৰ কামাল বুজিছা – তাবিজ —। হাতীগাঁৱৰ…….

সম্ভৱতঃ ● ৫০