বলি চেং চেং কৰি বেগ দি তেওঁ গুচি গল।' হীৰাৰ মাকে মূৰে কপালে
হাত দি বহিল—তেওঁৰ চকুৰ পানী হীৰাৰ গালত পৰাত হীৰাই মাকৰ
মুখৰফালে চাই “মাই নাকান্দিবা, মই দৰব নোখোৱাকে ভাল হম৷”
বুলি কোৱাত মাকৰ চকুৰ পানী আকৌ বেছিকৈ ওলাব ধৰিলে। মালতী
নামে কোছৰ কন্যা এটি হীৰাৰ সৈতে একেলগে পঢ়ে। কিছু পৰৰ
মূৰত হীৰাৰ মাকে তেওঁক আলি বাটত দেখি কলে “আইটি, অলপ পৰ
হীৰাৰ লগত যদি থাকিলিহেঁতেন,—মই দৌৰি গৈ মাষ্টৰনীক মাতি আনিব
পাৰোঁ। মালতীয়ে আলিতেই ৰৈ কলে—“তোমালোকৰ ঘৰৰ ভিতৰত
মোক সোমোৱা দেখিলে আয়ে খং কৰিব; গধুলি গাও ধুব লাগিব।
সৌ ৰামো আহিছে, তাকে কোৱা।”
ৰামো উৰীয়া কুলিৰ লৰা—বালিকা স্কুলৰ চৌকীদাৰ। হীৰাৰ মাকে তাক দেখাত মুখত পানী আহিল। তেওঁ দুৱাৰ মুখলৈ ওলাই ৰামোক কাবৌ কাকালিকৈ চোতাললৈ মাতি হীৰাৰ বেমাৰৰ কথা কবলৈ ধৰিলে। সি তেওঁৰ কথা আধাখিনি শুনিয়েই কৈ উঠিল— “তুমি নাকান্দিবা, মই এতিয়াই দৌৰি গৈ আইক পঠিয়াই দিওঁ গৈ” বুলি সি লৰ দিলে। ৰামোৰ লৰৰ লগে লগে বহুত পৰৰ পৰা ওন্দোল গোন্দোলকৈ থকা মেঘে হিৰ হিৰ গিৰ গিৰ কৰি বৰষুণ বৰষিব ধৰিলে। হীৰাৰ মাকে মাষ্টৰণী আহা অশা জলাঞ্জলি দি, তেওঁৰ নয়ন-মাণিক বুকত সাৱটি ঈশ্বৰক ভাবিব ধৰিলে। হীৰাই সুধিলে—“মাই! মাষ্টৰণী
আহিব?” কিছুপৰ মাকে মাতিব পৰা নাছিল, পাছত কলে—“ইমান
৬৭