পৃষ্ঠা:সমাজ-কথা.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


 দিনৰ দিনটো কিনকিনীয়া বৰষুণ; শাওণৰ মাহ—ৰোৱনী তোলনীয়ে তালৈ পিঠি দি কঠিয়া তোলাই কঠিয়া তুলিছে—ৰোৱনীয়ে ৰুইছে। গাঁৱত আজি কেবা দিনৰেপৰা আনন্দ— লৰা ছোৱালীৰ চিঞঁৰ বাখৰত গাওঁ দোল্ দোপ্, হেন্দোল্‌দোপ্‌। কলিকাতাৰপৰা দুজন বক্তা আহিছে —আজি কেই দিন মান সিবিলাকে গাৱঁৰ নাম ঘৰত বক্তৃতা দিছে—গাৱঁৰ সকলোৰে দেখাত মতি গতি ফিৰিছে; দেশত স্ত্ৰী শিক্ষা বিস্তাৰৰ কাৰণে তিৰোতাই হাতৰ কাণৰ অলঙ্কাৰ সোলোকাই বক্তাৰ আগত দিছে; পুৰুষে অনুন্নত শ্ৰেণীৰ শিক্ষাৰ কাৰণে যাৰ যি সাধ্য তাতোকৈ বেছি দিম বুলি প্ৰতিশ্ৰুত হৈছে। আৰু লৰা ডেকাবিলাকে জাতি বিভাগ মিছা— হিন্দু মুছলমান এক—সকলো এক ঈশ্বৰৰ সন্তান বুলি “জয় জগদীশ হৰে” “আল্লাহু আকবৰ” আদি উচ্চাৰণ কৰি গগণ বিদীৰ্ণ কৰিছে।

 হীৰাৰ মাকে চকুৰ পানী টুকি থাকোঁতে লাহে লাহে বেলি পৰি আহিল। তেওঁৰ ঘৰৰ দুৱাৰবন কাণিডৰীয়াহৈ থকাত আলি বাটেদি অহা-যোৱা কৰা মানুহবিলাকক তেওঁ ভালদৰে দেখা পাইছিল, কিন্তু কাকো মতিবৰহে তেওঁৰ শক্তি নহল। কিছু পৰৰ মুৰত তেওঁলোকৰ ঘৰৰ ওচৰত থকা অধ্যাপক জনক যোৱা দেখি ভয়ে ভয়ে মাত দিলে। অধ্যাপকে আলি বাটৰ পৰাই উত্তৰ দিলে “অ, হীৰাৰ জ্বৰ হৈছে, মাষ্টৰ- নীক মাতি আনি নেদেখুৱা কিয়! বৰ্ত্তৃতা আৰম্ভ হৈছে, বেছি পৰ

তোৰ লগত কথা হব নোৱাৰোঁ, মাষ্টৰনীক মাতি আন গৈ।” এই

৬৬