এই গীতটি গোলাপীৰ বৰ প্ৰিয় আছিল; তেওঁ যেতিয়াই আহৰি
পায় তেতিয়াই এই গীতটি আকাশৰ ফালে চাই চাই গাইছিল। গোপালে
গীতটি শুনিয়েই কৈ উঠিলঃ—“মোৰ প্ৰাণৰ ধনে, এই গীতটি গাই
মোকে মাতিছে।” এই বুলি নদীৰ পাৰে পাৰে বেগা-বেগিকৈ খোজ
ধৰিলে। নৈৰ পাৰ বালিৰে ভৰা, মাজে মাজে দুই এজোপা ঝাউ আৰু
মাদুৰীয়ে মাথোন বগাৰ বুকত সেউজীয়া ৰহণ সানিছিল৷ কিছু দূৰত
এজোপা বটগছ আছিল, আৰু সি দূৰৰপৰা ঘাঁহ বনে ঢাকা সৰু এখান
টিলা পাহাৰৰ দৰে শোভা পাইছিল। গোপালে গীতৰ উমান লৈ লৈ
সেই খিনি পালে গৈ। তাত তেওঁ দেখে যে, এটি কমনীয় কান্তিৰ
যুবা পুৰুষে হাতত এখনি বীণ লৈ নদীৰ ফালে মুখ কৰি বহি আছে।
তেওঁক দেখাত গোপালৰ শোক বিস্মৰণ হল; তেওঁ লাহে লাহে সেই
সৌম্যমূৰ্ত্তিৰ ওচৰ পাই ভাবিলে “মই এনে অনিন্দ্য মূৰ্ত্তি দেখিছিলোঁ
বুলিতো মোৰ মনত নপৰে! এনে উজ্জ্বল নয়ন, সৌম্য বদন, দেৱতাত
বাজেতো আনত নসম্ভৱে! সেই মধুৰ স্বৰযুক্ত অমৃতময় গীত এই যুবাৰে;
এনে কণ্ঠৰ বাহিৰে আনৰপৰা ওলাব নোৱাৰে! গোন্ধ তেনে হলে ফুল
এনে হোৱাত আশঙ্কা কি? সম্ভৱতঃ এওঁ মহাদেৱ—মনুষ্যৰ আকৃতিৰে
ইয়াত বহি গীত গাইছে। উস্, তেওঁৰ নিস্বাসত ঠাই ডোখৰ কেনে
আমোদিত! আৰু তেওঁৰ জ্যোতিত ঘন বট পত্ৰচ্ছায়া কেনে আলো-
কিত হৈছে?” এই বুলি তেওঁ সেই যুবাক আঠুকাঢ়ি সেৱা কৰিলে।
পুৰুষজনে তেওঁৰ ফালে এবাৰ চালে— হায়! সেই চাহনি কি ভুবন