পৃষ্ঠা:সমাজ-কথা.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


হল —কাজিয়া খৰিয়াল গুচিল। গোপাল গাৱঁত থাকিবৰ আজি আঠ বছৰ হল—প্ৰথম তিনি বছৰ কেৱল তেওঁ নিজ গাৱঁতে খাটে; বাকী কেই বছৰত তেওঁৰ কৰ্ম্মক্ষেত্ৰ ক্ৰমাৎ বাঢ়ি গৈ চাৰিওফালৰ সাতখন গাওঁ সামৰে। প্ৰতি বছৰ বহাগ দোমাহীৰ পাছদিনা (বৰ দোমাহীৰ দিনা) একোখন গাৱঁত একোটাকৈ পুখুৰী খন্দায়; তাত তেওঁৰ একো খৰচ হোৱা নাছিল—কেৱল গাৱঁৰ মানুহৰ লগত তেওঁ কোৰেৰ মাটি কাটিছিল, মাটি পাচিত ভৰাই পাৰত পেলাইছিল; গোলাপীয়ে দিছিল লোক- বিলাকক তামোল কাটি, জলপান বাটি আৰু হাঁহিথকা মুখৰ সাদৰৰ মাত। মানুহবিলাক গোপাল আৰু গোলাপীৰ ৰূপ-গুণত মোহ গৈছিল—

তেওঁলোকে যাকে যি আদেশ কৰে মন্ত্ৰমুগ্ধ হোৱাৰদৰে সেয়ে তাকে পালন কৰিছিল।

৫০