ৰত্ন ৰত্ন কৰি থাকে মই কব নোৱাৰোঁ; মোৰ গাত কি গুণ বা
কি ৰূপটো আছে যে, মই ৰত্ন হলোঁ!”
গোপাল —মৰমৰ পাত্ৰে ভাল পালে সৌন্দৰ্য্য চৰি উঠে; তদুপৰি
মধুৰ প্ৰকৃতিৰ লোক যেনে অৱস্থাতে থাকক সি সকলোৰে কণ্ঠ-মণি
প্ৰিয়ে।
এনেতে বাহিৰত ডাক হৰকৰাই মাত লগালে—গোপাল ওলাই গলত সি এখন চিঠি দি গুচি গল। চিঠিখন খুলি চায় যে চীফ কমিছনাৰে লিখিছে—“তুমি গ্ৰহণ কৰিলে, শিৱসাগৰত তিনি শ টকা দৰমহাত মনচুপৰ কাম দিৰ পাৰা হয়।’’ গোপালে চিঠিখন সামৰি “সম্প্ৰতি কাম লবলৈ মোৰ অলপ অসুবিধা” বুলি চীফ বাহাদুৰলৈ চিঠিৰ উত্তৰ দিলে। গোলাপীয়ে এই সংবাদ শুনি আনন্দ পালে।
পাছদিনা স্বামী ভাৰ্য্যা উভয়ে স্কুলত উপস্থিত হল—সেইদিনা লৰা- -ছোৱালীৰ আনন্দৰ ঠাই নাই। স্কুলৰ অৱস্থা দিনকে দিনে আৰু উন্নত হবলৈ ধৰিলে। তেওঁ স্কুলৰ যোগ্যবান ছাত্ৰৰ হতুৱাই ওচৰৰ গাৱঁবোৰত পূৰ্ব্বৰ ধৰণে আকৌ কেইখন মান স্কুল পাতিলে; সেইবোৰ স্কুলতো গোপাল বা গোলাপী গৈ দুই এক মাহ থাকি কাম কৰিবলৈ ধৰিলে। কেই বছৰমান এইদৰে চলোঁতেই তাৰ চাৰিও ফালৰ বহুত গাৱঁত নিৰক্ষৰ লোক নাইকিয়া হল, জ্বৰ নৰিয়া আগতকৈ ১৫ অনা
কমিল—কলেৰা লুকাল; মানুহবিলাক সত্যক ভাল পোৱা আৰু ধৰ্মভীৰু