পৃষ্ঠা:সমাজ-কথা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই আৰু নকওঁ

 ১৫১০ শঁক, কাতি মাহ, অমাবস্যা ৰাতি। আকাশ দিগন্ত জুৰি মেঘে ছাটি ধৰাত তাৰাই তাৰ প্ৰতিকাৰ কৰিব নোৱাৰি শিপিণীয়ে সূতা ছিগা তাতৰ সূতা জোৰাব নোৱাৰি খঙতে আধাবোৱা কাপোৰ দুডোখৰ কৰাৰ দৰে সিহঁতৰ নিজৰ অকণি অকণি জিলিকনি লুকাইছে আৰু অসহায় পথিকক হাবি বননিতে এৰি অপাৰ আনন্দ লভিছে। গঞাঁ ভাইহঁতে গৰু গাই চপাই মনৰ আনন্দেৰে লৰা-ছোৱালীক লগত লৈ জুহালৰ ওচৰত বহি নানা তৰহৰ কথা-বতৰা পাতিছে। কাণীয়া ভকত, সকলে নিজৰ বৰ মৰম—যি মৰম তেওঁবিলাকৰ ডাঙৰ লৰাটিয়েও নাপায়, যাক তেওঁলোকে সকলো ধন-বিভূতি আন কি নিজৰ অমূল্য শৰীৰ উছৰ্গা কৰিও প্ৰকৃত মৰম কৰা হোৱা নাই বুলি ভাবে—সেই চিৰ সহচৰ ধোঁৱা-খোৱাটি ওচৰত লৈ জুহালৰ কাষত নিজ অভিৰুচি মতে আসনত বহিছে আৰু মাজে মাজে তেওঁলোকৰ প্ৰিয়ক দুই এবাৰ চুমা খাই বিশ্বপ্ৰেমত পৰি মতলীয়া হৈছে, আৰু কেতিয়াবা তাৰ প্ৰতিকাৰো কৰিছে। মাইকীয়ে কেচুৱা লৰা বুকত সাৱটি বিছনাত

পৰি “অ হাপা, নাহিবি আমাৰ বাপাই নাকান্দে’’ কৰি নানাবিধ গীত

২৫