পৃষ্ঠা:সমাজ-কথা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


 দুলীয়াহঁ‌ত কেতিয়া ঘৰ পালে কব নোৱাৰোঁ‌; সাৰ পাই দেখোঁ‌ মই মোৰ ভগা ঘৰত; শুনিলোঁ‌ মাইক খৰি দিবলৈ নিছে, আৰু শুনিলোঁ‌ মই আহি পোৱালৈকে হেনো তেওঁ “নাউপিতি, নাউপিতি কৰি আছিল”। মোৰ অৱস্থা তেওঁ দেখি "হা, বাপ” বুলি প্ৰাণ এৰিলে!

 আজি মই উকীল, ওকলাতী কৰোঁ‌ হিমালয় পৰ্ব্বতত। মোৰ মোকৰ্দ্দমা অলেখ, কিন্তু উদ্দেশ্য একেটা—মায়া শাসন।

———⸻

২৪