আৱশ্যক বোধ নকৰিলে—গণকে গণি পিতি পৰামৰ্শ দিলে যোগৰ মূৰে পাছ
বিয়া হব বা শান্তি লব লাগে। ডাঙৰীয়াই শান্তিৰ কাৰবাৰ কৰিলে, আৰু
নিৰ্দ্ধাৰিত দিনত সেই কাম সম্পন্ন কৰালে। অৱশ্যে মোৰ তাত ইচ্ছা
নাছিল, কিন্তু কিজানি মোৰ স্বাৰ্থত বাধা পৰে, এই বুলি মাইৰ আজ্ঞাতে
মই সন্মত হলোঁ।
ডাঙৰীয়াৰ ঘৰত থাকি কলেজলৈ যোৱা-অহা কৰোঁ, শনিবাৰ হলেই মাতৃদেবীৰ ওচৰলৈ যাওঁ। সদায় শনিবাৰে ঘৰলৈ যোৱা দেখি এদিন ডাঙৰীয়াই কলেঃ—“সামান্য মানুহ থকা গাৱঁলৈ সদায় যোৱা-অহা কৰিলে মন সৰুহৈ যায়, মাহেকৰ মূৰত এদিন গলে নহয় জানো”! ডাঙৰীয়াৰ কথা শুনি মনত বৰ দুখ লাগিল কিন্তু সেই হেঁপাহ— উকীল হোৱাৰ আশা। হায়,সেই মান-সন্মানৰ আশাই মোক কি অপদাৰ্থ কৰিছিল! সেই দিনৰপৰা প্ৰতি শনিবাৰে যোৱা বন্ধ কৰিলোঁ॥ কেতিয়াবা ৰবিবাৰে মনে মনে যাওঁ আৰু চোৰৰ দৰে গুচি আহোঁ। সুধিলে কওঁ—বোৰ্ডিঙলৈ গৈছিলোঁ। পাঠক মোক মিছা কথা কোৱা বুলিছে, বোলক, মই যে দুখুনী বিধবাৰ আঁচলৰ নিধি; বিধবাৰ মোৰ বাহিৰে সংসাৰত কোন আছে? কাক চাই বিধবাই বুক জুৰ কৰিব? ঘাতপ্ৰতিঘাত হোৱা কথা- বোৰ ডাঙৰীয়াৰ জীয়েকৰ আগত এদিনো কোৱা নাছিলোঁ। ভাবিছিলোঁ —বৰলোকৰ জীয়াৰী কি জানি অভিমান কৰি আৰু দুই আষাৰ মোক শুনাই দিয়ে।
লাহে লাহে মোৰ পৰীক্ষা পালেহি, ইফালে ডাঙৰীয়াৰ ঘৰত মোৰ