পৃষ্ঠা:সমাজ-কথা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


মাই বিয়ালৈ আহিছিল, বোৱাৰীক ঘৰ দেখাবলৈ নিব নোৱাৰি চকুৰ পানী উলিয়ালে। হায়! তেতিয়াও মোৰ কঠোৰ প্ৰাণত আত্মসন্মানৰ আঘাত বাজি নুঠিল। মই ৰাজপ্ৰসাদ তুল্য ঘৰত থাকি মটৰ কাৰেৰে কলেজলৈ যোৱা-অহা কৰিবলৈ ধৰিলোঁ, তেতিয়া মোৰ উল্লাস চায় কোনে?

 সেই দিনা শনিবাৰ, মই কলেজৰপৰা আহি পাওঁতেই মাই কলে— ‘বাপা, মোক ঘৰত থৈ আহ” মই তেওঁৰ কথাৰ উত্তৰ দিবলৈ নৌ পাওঁতেই ক'ৰপৰা কব নোৱাৰোঁ ধূমকেতুৰ দৰে দুয়োৰো মাজত ডাঙৰীয়াণী পৰি কবলৈ ধৰিলে—“কি! তোমাক থবলৈ যাব লাগে! তুমি যোৱা কেলেই? ইয়াত খাবলৈ পোৱা নাই হবলা! যোৱা আমাৰ দুখীয়াৰ ভাঙা ঘৰত কিয় থাকিবা?” মোৰ সেই সময়ত সপোন ভাঙিল, লৰালৰিকৈ শহুৰলৈ এখন চিঠি লিখি থৈ মাইক লৈ মোৰ জুপুৰি পালোঁ। মোৰ মনৰ ভাব মাই বুজিলে আৰু কলে—“বাপা, মোৰে মূৰ খাহ, কোনোমতে সিহঁতৰ আশ্ৰয়ত থাকি পৰীক্ষাটো দি ল, আমাক কৈ সিহঁতে কি কৰিব!’’ মাতৃৰ বাক্য পেলাব নোৱাৰি পাছদিনাখনেই আহিলোঁ; সেই দিনাৰপৰা মই মটৰকাৰেৰ কলেজলৈ নাযাওঁ—খোজকাঢ়ি যাব ধৰিলোঁ। ডাঙৰীয়াৰ লগত মোৰ দেখা সাক্ষাত বৰ কম হয়— ডাঙৰীয়াণীৰ লগত কেবা বাৰ দেখাদেখি হলেও কথা বৰ কম হয়।

 বিয়াৰ ছমাহ মান পাছতেই ডাঙৰীয়াৰ জীয়েকৰ তোলনী হল।

নিয়ম মতে সেইদিনা ,আমাৰ ঘৰলৈ খবৰ দিব লাগিছিল, ডাঙৰীয়াই

১৮