অপৰাধিনী কৰিছা! উস্ অসহ্য যাতনা! মোৰ জন্মদাতা পিতৃ-মাতৃয়ে, মোৰ প্ৰাণৰ দেৱতাৰ প্ৰতি ইমান শতুৰৰ আচৰণ কৰিলে!” “আই, অধৈৰ্য্য নহবা” বুলি আহিনীয়ে বাপাটোক ঘুমাই থলে। বাপা টোপনি গল; আহিণী আহি মোৰ ওচৰত আকৌ বহি কবলৈ ধৰিলে—“বিপদত ধৈৰ্য্যেইহে আহুদি আই; মই এইবোৰ কথা বহুত দিন আগৰেপৰা জানোঁ, মই ভাবিছিলোঁ বাপুৱে তোমাক এইবোৰ কথা কৈছে; আৰু ভাবিছিলোঁ তুমিও তোমাৰ পিতা-মাতাৰ ফলীয়া বুলি।”
“নাই বাই অজিহে মই প্ৰথম শুনিলোঁ। মই ভাবিছিলোঁ। আমাৰ ঘৰ-দুৱাৰ তাত সুবিধা কৰিব পৰা নাই দেখি মোক নিব পৰা নাই; ময়ো তেওঁক এই বিষয় কোৱা নাছিলোঁ, জানোচা তেওঁ মনত কষ্ট পায়। আজি শুনিলোঁ তেওঁ মোক নিবলৈ আজি দুই বছৰৰপৰা চেষ্টা কৰিছে। আৰু শুনিলোঁ পিতা-মাতাৰ বিষ-বাণ সহিব নোৱৰাৰ কাৰণেই মোৰ প্ৰভুই এই শত্ৰুৰ ঘৰত পদ-ধূলি দিয়া নাই। আজি আকৌ শুনিলোঁ প্ৰভুৰ নৰিয়া, মাধৱক চাবলৈ তেওঁ বৰ অস্থিৰ। সেই কাৰণে আমাক নিবলৈ হেনো গোসাঁই (শহুৰ) আহিছিল। হায়, হায়, মোৰ সেই প্ৰাণৰ দেৱতাৰ উপাস্য দেৱতাক পিতাদেৱে নিষ্ঠুৰভাৱে অপমান কৰিলে, আৰু এই মাত্ৰ তাৰে কথা মাইৰ আগত কৈ আমোদ কৰিছো।
বাই, চোৱাঁ, যি ঘৰত মোৰ স্বামী বা শহুৰৰ মোৰ বুলিব পৰা কোন অধিকাৰ নাই, তাৰ মই কিহৰ অধিকাৰিণী! স্বামী গুৰু বা গোসাঁইৰ পদ-সেৱা মোৰ অদৃষ্টত নাই, আৰু দুখ ৰল,—অন্তিম সময়ত সিবিলাকৰ