পৃষ্ঠা:সমাজ-কথা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


 দুয়োৰো ভিতৰত লাহে লাহে কথা চলিল; পাছত আহিনীয়ে কলে, “ৰজাৰ অট্টালিকাৰ দৰে ধান-ধনে-জনে পূৰ্ণ এই সোণৰ সংসাৰ এৰি তুমি কলৈ যোৱা আই?” “বাই পিতা-মাতাই মোক জন্ম দিছে, কিন্তু তুমি মোক তুলি-তালি ডাঙৰ কৰিছা, তুমি মোৰ মাতৃ তুল্য, তোমাৰ আগত মই কি লুকাম? এই ঘৰ মোৰ নৰকপুৰী যেন বোধ হৈছে; তুমি বুজিছা অৱশ্য, তুমি আৰু অলপ পাছত আহিলে মোৰ বেলেগ ৰূপ দেখিলাহেঁতেন।”

 “মোৰ বুজিবলৈ একো বাকী নাই; কিন্তু তোমাৰ বয়স বৰ কম, সংসাৰৰ আও-ভাও বুজিবলৈ তোমাৰ এতিয়াও বহুত বাকী। তুমি জানা, তোমাৰ পিতাৰ তিনি খন চাহ বাগিছা, আৰু তাৰ একমাত্ৰ উত্তৰাধিকাৰিণী তুমি; এনে স্থলত পিতা-মাতাৰ মনত কষ্ট দিয়া তোমাৰ সুবিধাজনক নহব।”

 “বাই, মই সকলো বুজিছোঁ; কিন্তু অৰ্থ সকলো অনৰ্থৰ মূল। অৰ্থবল নহলে মোৰ জন্মদাতাই মাধৱৰ পিতাৰ নিচিনা দেৱতাৰ তুল্য পুৰুষক ইমান মানসিক যাতনা দিব নোৱাৰিলেহেঁতেন। আৰু চোঁৱা, মোৰ স্বামী গুৰুৰ পিতা-শহুৰ এজন ঋষিৰ তুল্য পুৰুষ; তেনে লোক পিতাৰ ধন-বল নহলে কেতিয়াও চাপ্‌ৰাচি লগাই খেদাব নোৱাৰিলেহেঁতেন। হায়, তেতিয়া মই যে নাদেখিলোঁ, আন কি সেই সময়ত শুনিবলৈও নাপালোঁ, —মোৰ প্ৰাণৰ দেৱতাৰ চৰণত পৰি ক্ষমা খুজিব পাৰিলোঁহেঁতেন। গোসাঁই, নাজানোঁ তুমি মোক কিমান অপৰাধৰ