পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
সপ্তপৰ্ণ

বুজিছোঁ—মোৰ প্ৰেমৰ সাধনা প্ৰাণৰ মাজত সহজ নহয় মানে, মোৰ নিদিধ্যাসন নহয় মানে যি বুজিলোঁ সি বুজা নহল।—এই যুগ—এই যুগত মানুহে বুজে, বেচ বুজে, বুজি লোকক বুজাব পাৰে,—তথাপি, তথাপি বিশ্বাস নকৰে! এই ভয়ঙ্কৰ যুগত, তুমি প্ৰেমময়ি জননি মোৰ, চকুৰ তীব্ৰ শাসনেৰে মোক সতৰ্ক কৰি দিছা,—যি বুজিছ তাৰে মনন কৰ, নিদিধ্যাসন কৰ,—জাগ্ৰত কৰ, জাগ্ৰত কৰ। প্ৰভাতৰ আলোকত তোৰ হিয়াৰ পদুম পাহি পাহিপাহিকৈ মুকলি হব। যি বুজিলি, তাকে তোৰ পূৰ্ণ বিশ্বাসেৰে প্ৰেম ভৰা প্ৰাণেৰে পূৰ্ণ কৰি তোল।—ইকি, ইকি! তুমি গুচি যোৱা? নেযাবা, নেযাবা মোৰ প্ৰেমময়ি জননি! মই যে এতিয়৷ও তোমাক প্ৰাণ ভৰি পূজ৷ কৰিব পৰ৷ নাই। তুমি হাঁহিছা? তুমি গুচি যোৱা বুলি মোৰ ভয় লগা দেখি হাঁহিছা? তুমি যে মোৰ মুৰত হাত ফুৰাবলৈকে হাতখনি আঁতৰাই নি আকৌ বুলাইছা এই কথাটি বুজিব পৰ৷ নাই দেখি হাঁহিছা! হাঁহা, তোমাৰ অসীম প্ৰেমত বিশ্বাস থকা হলে মোৰ নো আজি এনে হয় নে? তুমি যে যাব নোৱাৰা বুজাই দিয়া, বুজাই দিয়া মা, তুমি মোৰ জীৱনেৰে জীয়াই থাকিবা। নিতে নিতে তোমাৰ প্ৰেমৰ পৰশ পাবই লাগিছোঁ। বীণা থমকি যায়, বীণাৰ গুঞ্জন ৰুণুজুনুকৈ প্ৰাণৰ মাজত খন্তেকলৈ বাজিও থাকে। জ্যোতিৰ্ম্ময়ি জননি মোৰ! সকলো কামৰ মাজত, সকলো কলৰবত এই ৰুণুজুনু শুনাকৈ নুশুনো