ৰাধাৰ প্ৰেমৰ আহ্বানত কানায়ে নিজে আহি অলক্ষিতে মোহন মুৰুলী বাই বাই মন প্ৰাণ হৰণ কৰি ৰাসমণ্ডলৰ উজ্জ্বল আলোকলৈ, প্ৰেমৰ মধুময় লোকলৈ, চিৰ আনন্দ চিৰ স্নিগ্ধ, চিৰ শান্ত নিত্যধামলৈ লৈ যাব। এয়ে মানব জীৱনৰ সাৰ্থকতা, এয়ে ভাৰতৰ ঋষিৰ ঈপ্সিত চিৰ কল্যাণ! কি মধুৰ এই আশ্বাস, কি প্ৰাণভৰা এই আনন্দৰ বাতৰি!—তোমাৰ মন প্ৰাণ, তোমাৰ চিত্ত হিমালয়ৰ অতি উচ্চ শুভ্ৰ শিখৰৰ দৰে সূৰ্য্যচন্দ্ৰমাৰ বিমল কিৰণত অমায়া শান্তিৰে জিলিকি থাকিব,—সংসাৰৰ তাপ, সংসাৰৰ কোলাহল, সংসাৰৰ হাহাকাৰ—শিল ধুমুহাৰ হিৰ্ হিৰনি, বিজুলি ঢেৰেকণিৰ কৰচনিৰ দৰে বহু তলেদি গাজি গুমৰি মৰি যাব! কি সেই শান্তি! প্ৰাণ যে ভৰি যায়!—মা, মা! চিৰ দুখুনী মা মোৰ! ইমান আনন্দ, ইমান অমৃত তোমাৰ ভাষাৰ এই সুললিত সুৰটিত জৰি জৰি পৰিছে! কোনে বোলে তুমি দীন দুখিনী? তুমি যে ৰাজ ৰাজেশ্বৰী।—ইকি! তুমি হঠাৎ গম্ভীৰ হৈ উঠি যাব খোজ৷ কিয়?—বুজিছোঁ, তোমাৰ এই সুৰটিৰে তোমাৰ ভাষাক প্ৰশংসা কৰা দেখি তুমি মোক চকুৰ তৰ্জ্জনেৰে কব খুজিছা,—মোক যদি ভাল বুলি বুজিলি, তোৰ শ্ৰদ্ধাৰে, তোৰ ধৃতিৰে, প্ৰাণৰ প্ৰেমেৰে, চিত্তৰ সাধনাৰে মোক জিলিকাই তোল।”—বুজিছোঁ, বুজিছোঁ মোৰ আৰাধ্যাদেবি, বেদৰ বাণীৰ দৰে অতি পবিত্ৰ তোমাৰ কথাটি বুজিব পাৰিছোঁ। মোৰ চিৰ তাপসি মাতৃ! মই বেচ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২০৩
অৱয়ব