সকলোকে লাগে সচ্চিদানন্দত সু-প্ৰকাশ,—সকলোকে লাগে সম্পুৰ্ণতাৰ পূৰ্ণ প্ৰকাশ—মিলনৰ এক ভূমানন্দ! নিখিল বিশ্বৰ গ্ৰহ উপগ্ৰহে, বিশ্বৰ কোলাৰ অণু-পৰমাণুয়ে, জড় জগতৰ জড়-পিণ্ডই, প্ৰাণী জগতৰ জীৱকুলে সমস্বৰে, নীৰৱ ভাষাৰে, প্ৰাণৰো প্ৰাণেৰে নিমিষে নিমিষে এই প্ৰাৰ্থনাকে কৰিব লাগিছে,—প্ৰকাশ লাগে, প্ৰকাশ লাগে,—তোমাৰ সত্যত প্ৰকাশ লাগে, তোমাৰ জ্যোতিত প্ৰকাশ লাগে, তোমাৰ অমৃতত প্ৰকাশ লাগে। হে প্ৰকাশমান, তুমি প্ৰকাশ হোৱাঁ। তোমাৰ প্ৰকাশেৰে আমাক প্ৰকাশ কৰা।— হাটৰ বিকাৰৰ মাজত তুমি প্ৰকাশ হোৱাঁ, হাটৰ এন্ধাৰৰ মাজত তুমি প্ৰকাশ হোৱাঁ, হাটৰ মৃত্যুৰ মাজত তুমি প্ৰকাশ হোৱাঁ। জগতৰ কৰ্ম্মৰ মাজে, কলৰবৰ মাজে অশ্ৰুধাৰাৰ মাজে তুমি প্ৰকাশ হোৱাঁ। মথুৰাহাটৰ হৰি তুমি,—ৰাসমণ্ডলৰ মধুৰ মুৰুলী বাজি উঠক। তোমাৰ মুৰুলীৰ সুৰত এদিনা আকাশৰ মেঘ ৰৈ ৰৈ বৈ গৈছিল, তুম্বুৰু প্ৰমুখ্যে গন্ধৰ্ববসকল সুৰ শুনি গলি গৈছিল. ব্ৰহ্মাণ্ড—কটাহৰ মূললৈকে সেই সুৰ জিকাৰি উঠিছিল! শুনি শুনি প্ৰজাপতিয়ে বিস্ময় মানিছিল! আজি সেই সুৰে বজোৱাঁ, তাৰ ভুবন মোহন মধুৰ ধ্বনিৰে বিশ্বব্ৰহ্মাণ্ড জিনি যাওক। বাজি উঠাঁ, 'মোৰ প্ৰাণকৃষ্ণ, আকৌ এবাৰ বাজাঁ,—তোমাৰ প্ৰকাশত
মোৰ সকলে৷ শক্তি সাৰ্থক হওক। হে প্ৰকাশমান্, তুমি প্ৰকাশ হোৱাঁ—“ আবিৰাবীৰ্ম এধি।”