তোমাৰ জ্যোতিত মোক প্ৰকাশ কৰাঁ! নিৰানন্দ মৃত্যুৰ হাহাকৰিৰ পৰা তোমাৰ আনন্দ অমৃতলৈ পাৰ কৰি নি তোমাৰ অমৃতত মোক প্ৰকাশ কৰা,—“অসতো মা সদ্গময়। তমসো মা জ্যোতিৰ্গময়। মৃত্যোৰ্মা অমৃত গময়!”
এয়ে এয়ে জগতজোৰা জীৱৰ অন্তৰৰো অন্তৰৰ নীৰৱ প্ৰাৰ্থনা! মথুৰাহাটলৈ পাৰ কৰি নিবলৈ জনোৱা বাধাৰ এই অতি সৰল প্ৰাণৰ মিনতি,—ব্যঞ্জনাত তাৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণৰ কৰুণ প্ৰাৰ্থনা নীৰৱে কেনেকৈ বাজিছে! কি প্ৰাণ ভৰা এই প্ৰাৰ্থনা! কি উজ্জ্বলৰো উজ্জ্বল লোকলৈ লৈ যোৱা এই আকুলতা। বিশ্বজিনা বীণা বিশ্বজননীৰ প্ৰাণত বাজে আৰু বাজে ক’ত? দেখিছোঁ, দেখিছোঁ মা, আৰু ক’ত লুকাবা? বিশ্বজননীৰ বিৰাট প্ৰেম জীৰ্ণা শীৰ্ণা দীন দুখুনী জননীৰ অন্তৰেদি ফুটি পৰাদি এনে মহতৰো মহৎ প্ৰাৰ্থনা তোমাৰ তেনেয়ে সৰল কথা একেষাৰিতে ফুটি পৰিছে! কি বিৰাট, কি মহৎ এই প্ৰাণৰ প্ৰাৰ্থনা! গ্ৰহে গ্ৰহে, তাৰকাই তাৰকাই, নীহাৰিকাৰ সিটি পাৰে,—আৰু দূৰ আৰু দূৰণিৰ প্ৰাণৰ মাজত এই প্ৰাৰ্থনাই জিকাৰি উঠা নাই নে? জড় জগতৰ, প্ৰাণী জগতৰ—অন্তৰৰো অন্তৰৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণৰ মাজত এই নিগূঢ় প্ৰাৰ্থনাৰ মধুৰ স্পন্দন ঝঙ্কাৰি উঠা নাই নে? সৃষ্টিৰ আদিত পৰমাণু পুঞ্জৰ উত্তৰণৰ আকুলতাত এই প্ৰাৰ্থনা, সৃষ্টিৰ মধ্যত পৰমাণুৰ নিত্য পৰিবৰ্ত্তনত এই প্ৰাৰ্থনা,—সকলোকে লাগে— প্ৰকাশ লাগে,