পৃষ্ঠা:সন্তসাৰ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
সন্তসাৰ

বৈষ্ণবৰ নিন্দায়েহে তাৰ ভোগ অতি।
চৌৰাশি নৰকে ভোঞ্জিবেক পাপমতি॥২১৩॥
সুবৰ্ণ অৰণ্য জানা বৈষ্ণৱৰ নাই।
ভক্ত চণ্ডালকো গুরু মানিবে জুয়াই॥
পূৰ্ব্বে নাৰদত আৰু লয়োক প্ৰমাণ।
ভক্তি চণ্ডালিক প্ৰদক্ষিণ বিদ্যমান॥২১৪৷।
আৰু মধু চণ্ডালক লয়োক প্ৰণাম।
পাতিলা যজ্ঞেৰ শাস্ত্ৰ বিপ্ৰযত নাম॥
তিনি সম্প্ৰদাক পূৰ্ব্বে ধৰি প্ৰকাশন।
জ্ঞান কৰ্ম্ম কুকিলৰ নিবৃত্তি আচম॥২১৫॥
বিৰিঞ্চি অলন্তি শিব সম্প্ৰদা তৃতিয়।
ভকত সকলে তাক জানি প্ৰবৰ্ত্তয়॥
তিনত তিনিতি ভাব নৱ নৱ হয়।
উত্তম মধ্যম প্ৰকৃতি ইয়াত কয়॥২১৬।
পুৰ্ব্বে ব্ৰহ্ম আগে হংস নাৰায়ণে কৈলা।
আত্না জ্ঞান পায়া তেন্তে শৰণ পশিলা॥
হংস নাৰায়ণ ভকত—প্ৰৰ্জ্জা প্ৰতি।
নিৰ্গুণ ভাগৱত ৰচিলা হুৱা ভিতি॥২১৭॥
হংস কাকি নাম সৰ্ব্ব শাস্ত্ৰ মধ্যে সাৰ।
সকল নিৰ্গুণ শাস্ত্ৰ সম নাহি জাৰ॥
ব্যাল্লিশ হাজাৰ শ্লোক কৃষ্ণ লীলা গুণ।
হংস নাৰায়ণে কৈলা ভকতি নিৰ্গুণ॥২১৮