পৃষ্ঠা:সন্তসাৰ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সন্তসাৰ।

ঘোৰ অৰণ্যত এক সৰোবৰ পাইলা।
অনন্তৰে কতো দিনা মাত্ৰ বহি গৈলা॥
সেহি স্থানে বহিলন্ত বৃক্ষৰ মুলত।
ব্ৰহ্মাত সমাধি ধৰি ৰহিল মনত॥১৭১॥
দক্ষিণ উৰু বাম চৰণ থাপিলা।
উৰ্দ্ধ মুখ কৰি কিছু সমাধি ধৰিলা॥
আহু ৰাত্ৰ সাত দিনা অন্তৰতে থাকি।
যজ্ঞ মতি ব্ৰহ্মা ৰূপ দেখিলা প্ৰকাশি॥১৭২॥
তিনি গোটা শৃঙ্গ যেন বাহু আঠ খান।
আঠ হস্তে আঠ অস্ত্ৰ প্ৰচাৰ প্ৰধান॥
দেখি ব্যাস ঋষি চক্ষু মেলিয়া চাইলা।
যজ্ঞ ভক্তা পৰুধ্যক আগতে দেখিলা॥১৭৩॥
তাহাঙ্ক ছাহিয়া হাহি বুলিলা বচন।
শুনা দ্বৈপায়ন মই কহিয়ো কাৰণ॥
চাৰিবেদ চৌদ্ধশাস্ত্ৰ শ্ৰোতি নিৰন্তৰ।
পুৰাণ ভাৰত শাস্ত্ৰ ক ৰয়ো বিস্তৰ॥১৭৪৷।
ধৰা এহি হৰ্ষ গোট বহিবা মাত্ৰত।
সমস্তৰে ন্যায় নীতি পৰিব মনত॥
এহি কহি অন্তৰ্ধ্যান ভৈলা পূৰ্ণ কাম।
তাহান দিশক ব্যাসে কৰিলা প্ৰণাম॥১৭৫॥
আৰু বেদ শাস্ত্ৰ যত তাৰ অন্তৰত।
এতেকেহে শুদ্ধ ব্ৰহ্মা বোলয় শাস্ত্ৰত॥