এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
সন্তসাৰ
তদং এক তশ্য ৰহস্য ভকত প্ৰতি,
শ্ৰবন কীৰ্ত্তন ধৰ্ম্ম জাতি।
জাতী বুলি ঈশ্বৰক ঈশ্বৱ ও যি জাতি হয়,
ভকতো জানিবা সেহি জাতি॥৯৬॥
ঈশ্বৰ যি বস্তু হয় ভকতো হি বস্তু হয়,
গুণ ভক্ত বৎস হোৱায়।
ঈশ্বৰ ভক্তৰ বস্য ভক্তে ক্ৰিয়া শক্তি আদি,
সৃষ্টি স্থিতি কৰিতে পাৰয়॥৯৭॥
কিন্তু ভক্ত নামৰ অক্ষমতা ভাব ধৰি,
ঈশ্বৰেহে সৃস্তিক কৰন্ত॥
এহি মহাৰস্যক ভক্তৰ সেৱাত যত,
শ্ৰীমন্ত শঙ্কৰে কহিলন্ত।
শুনা আৰু অবিদ্যায়ে পঞ্চপক্ব মহামোহ,
তমোহ মহা মোহহন্ত॥৯৮
পদ।
অষ্ট প্ৰকৃতিত-আবে কহিয়ো—তোমাত।
পৃথি তেজ জলবায়ু মই তেজ যত॥
আকাশ অহঙ্কাৰ প্ৰকৃতি নিয়মিক।
শুনা পঞ্চ কহো নিয়মি মনক॥৯৯॥
ছাল সাৰ নখ চুলি আছা জাক বুলি।
নিশ্ছয়ে জানিবা তাক মাটিহে সমুলি॥