পৃষ্ঠা:সন্তসাৰ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্তসাৰ।

সেহি গুৰুৰ ৰূপ দেখিলে যিটোজন।
তেবেশে তাহাঙ্ক জানা বোলয় ভজন॥২০॥
সেহি গুৰু ভকতক তাহাঙ্ক দেখিব।
তান্তে প্ৰতি ভৈলে ভক্তি কেৱল বুলিব॥
গুৰুয়ে শিষ্য পাছে জীৱ দেখিবেক।
কৃষ্ণ বুলি গুরু কষে মানিবে প্ৰত্যেক॥২১॥
নিজ গুৰু নিজ ভক্তি থাপিয়া থৈবেক।
তাৰ নাম পিতৃ বুলি জানিবা প্ৰত্যেক॥
মোধন্ত মাধৱে বাপ কৈওক আমাক।
নামৰ কেবল আবে বোলয় কাহাক॥২২॥
শুনিয়োক যাৰ নাম কেৱল বোলয়।
ঈশ্বৰৰ নাম মাত্ৰ ভকতে ভাবয়॥
এতেকে কেৱল নাম ভক্তক বোলয়।
এতেকেহে ভকতক ভূঞ্জাবে লাগয়॥২৩॥
মাধবে বোলন্ত নিজ গুৰু কাক বোলে।
আপোন গুৰু বুলি কাক কহে কেৱলে॥
মাধৱত শঙ্কৰে কহন্ত হাস্য কৰি।
নিজ গুৰু পৰমাত্মা ঈশ্বৰকে বুলি॥২৪॥
উপদেশ দাতা যিটো নিজ গুৰু হই।
তাহাঙ্ক আপোন গুৰু বুলিয়া নিশ্ছই॥
দুইকো এক কৰি যিটো জনে ভজিলা।
ৰমানন্দ গুৰু বুলি তাহাক ভজিলা॥২৫॥