পৃষ্ঠা:সন্তসাৰ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্তসাৰ।


পাত পীত ভূষিত মেখেলা শুশোভয়।
তাহাতে জেন্দোকী বান্ধি কিঙ্কিনী বাধয়॥ ৯॥
পদে পঞ্চ চিহ্নে যাৰ শোভে মনোহৰ।
ৰত্নৰ নেপুৰ বাজে যেন বালাহাৰ॥
ধ্বজ ব্ৰজ পঙ্কজ অঙ্কুশ ৰাশিকৰ।
প্ৰকাশন্ত ৰত্ন যেন আকাশী গায়ৰ॥১॥
হেনয় লাবণ্যৰূপে জগত গুৰুৰ।
কোটি কন্দৰ্পক মিলি প্ৰকাশে প্ৰভূৰ॥
কোটী কোটী ভকত তাহাতে প্ৰকাশয়।
এক এক ভক্তে সূৰ্য্য সম কান্তি হয়॥১১৷।
মহাপ্ৰেম সাগৰে মজিয়া যে আচয়।
সেই সম গুৰু গৰ্জি ভকত বোলয়॥
কৃষ্ণৰ সদৃশৰূপ বষণে ভূষণে।
তৰুণ বয়ষ সব দিছে আভৰণে॥১২॥
ভকতিত বিনে তাত আন কিছু নাই।
হৰিৰস প্ৰেমে দুবি থাকা সৰ্ব্বদাই॥
সৃষ্টিস্থিতি প্ৰলয় কৰিতে শক্তি আছে।
লাৱণ্য সুন্দৰ বেশ ধৰি থাকা কিছে॥১৩॥
চন্দ্ৰ সম মধুৰ বচন কুকিলৰ।
দৰন মাত্ৰ সংসাৰৰ তাপ হৰ॥
তাসৰ মহিমা কহিবে। মই কত।
অত নিৰ্বত তাহাৰ আছয় ভকত॥১৪