পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সটীক নামঘোষা

 হে হৰি, মোৰ মায়াই কপটীয়া ভাৱে ( বাহিৰত ভাল যেন দেখুৱাই) মোক তেনেই মুহি পেলাইছে—মায়াৰ জাল ছিঙি তোমাক দেখা নোপোৱাত পৰিছোঁ; হে স্বামী, তোমাৰ নামৰ জয় হওক বুলি একাঙ্ক মনে তোমাত মই আশ্ৰয় ললোঁ, . মোৰ মায়া আঁতৰোৱা। তোমাৰ নামৰ জয়েই হৈছে মায়াৰ পৰাজয়। [ তোমাৰ নাম ললে মায়াৰ বান্ধোন সুলকি পৰে; মই তোমাক অশ্ৰয় কৰি তোমাৰ নাম লৈছোঁ, তোমাৰ নামৰ জয় হওক প্ৰভু, মোৰ মায়া আঁতৰোৱা। ]

[৭০]

মই অনাথক দয়া কৰাহা পৰমানন্দ
 দাস বুলি ধৰিয়ো মনত,
 থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
আঙ্গুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
 কেশ ছিণ্ডি দেওঁ চৰণত॥

 হে পৰমানন্দ, মই নিৰাশ্ৰয়—মোৰ সহায় সাৰথি কেও নাই; তোমাকে মই আশ্ৰয় কৰিছোঁ প্ৰভু, মোক তোমাৰ সেৱক কৰি পোৰা। আঙ্গুলি মুখত ধৰোঁ, দাঁতেৰে তৃণ তুলি লওঁ আৰু চুলি ছিঙি চৰণত দিওঁ অৰ্থাৎ অতি কাতৰ ভাৱে মই মোৰ শৰীৰ অৰ্পণ কৰিছোঁ; প্ৰভু, মোক তোমাৰ ভৃত্যৰ লগত থোৱা অৰ্থাৎ মোকো সেৱকৰ শাৰীত ভুক্ত কৰা; [তোমাৰ পদ সেৱা কৰিবলৈ মোৰ অন্তৰত ভক্তি দিয়া।]