পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
সটীক নামঘোষা

[৭১]

অপৰাধ বিনাশন তযু নামে নাৰায়ণ
 জানি নামে পশিলো শৰণে,
 আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
 মোক ৰক্ষা কৰিয়ো চৰণে॥

 হে নাৰায়ণ, [দিনে-ৰাতিয়ে কিমান নকৰিব লগা কাম কৰি দোষ কৰোঁ তাৰ সংখ্যা নাই।] তোমাৰ নাম ললে অপৰাধ মৰ্ষণ হয় বুলি জানি তোমাৰ নামক আশ্ৰয় কৰিলোঁ। মৰণৰ সময়তো তোমাৰ নামৰ বাহিৰে আৰু মোৰ সম্বল নাই, [সেই সময়তো নামৰ বাহিৰে আৰু অন্য ধৰ্ম্ম আচৰিব নোৱাৰি; সেই গতিকে এতিয়াৰপৰা মই নামকে আশ্ৰয় কৰিলোঁ।] হে দয়াময় হৰি, মোৰ অপৰাধ ক্ষমা কৰি তোমাৰ চৰণত আশ্ৰয় দি মোক উদ্ধাৰ কৰা।

ত্বদীক্ষণ বশ ক্ষোভ মায়া খোধিত কৰ্ম্মভিঃ।
জাতান সংসাৰতঃ খিন্নান্‌ নৃহৰে পাহি নঃ পিতঃ॥ ৭২

[৭২]

তোমাৰেসে অবিদ্যায়ে আমাক মুহিলে হৰি
 নাজানোহো তোমাৰ তত্ত্বক।