হৰিনাম মানুহৰ অন্তৰতে আছে, সি মুখেদি ওলয় অৰ্থাৎ ঈশ্বৰত
হলে হৃদয়ৰপৰা ঈশ্বৰৰ নাম উঠি মুখেদি বাজলৈ ওলায়
প্ৰকাশ হয়। আৰু ঈশ্বৰৰ এই নামে মৰণা মৰাৰ দৰে বিষয়-
সন। গচকে আৰু তাতে বাসনাৰ সৈন্থবোৰ অৰ্থাৎ কাম, ক্ৰোধ
আদি ৰিপুবোৰ দুৰ্ব্বস হয়।
পাপ বিপক্ষক সংহৰি নামে খলখলি হাসে।
সকল ধৰ্মৰ উপৰে বসিয়া হৰিৰ নাম প্ৰকাশে [৯৯৪
মুকুতি সুখক বশ্য কৰি হৰিনামে আনন্দত নাচে।
পুৰুষে সহিতে সখিত্ব কৰিয়া চলয় হৰিৰ কাছে॥৯৯৫
হৰিনামে মুক্তি-সুধক বশ কৰি আনন্দ কৰে, অৰ্থাৎ হৰিনাম
ললে মুক্তি লগতে লাগি আহে; আৰু নামে জীবাত্মাৰ সৈতে
মিলি ভগৱানৰ ওচৰ পায়; (ভক্তিমাৰ্গত হৰিৰ চৰ পোৱাই শেষ
সীমা।
আপোন নামৰ মহিমা দেখিয়া হৰিৰ আনন্দ চড়ে।
যিটো নাম লয় হৰি তাৰ হয়,
ই পুনু ৰহস্য বৰে॥৯৯৬
হৰি গুণ নাম ভাবিয়া পুৰুষে ৰহয় হৰিৰ পাশে।
হৰিৰ চৰণ হৃদয়ে ধৰিয়া কহয় মাধৱ দাসে॥৯৯৭
ৰহয় হৰিৰ পাশে -ভক্তৰ জীৰাত্মা ঈশ্বৰৰ সৈতে মিলি এক হৈ
থাকে; অৰ্থাৎ সমাধি লাভ কৰে। হৰিৰ চৰণ লাভ কৰি ভক্তিৰস
পান কৰি থাকে।
পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭৫
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
