ৰাম কৃষ্ণ যিটো সততে সুমৰে তাৰ আৰ কাক ভয়।
সকল ধৰ্ম্মৰ উপৰে বসিয়া ৰাম নাম প্ৰকাশয়॥৯৬৮
মধুৰ-সুন্দৰ, ধুনীয়া।
ৰাম কৃষ্ণ নাম কীৰ্ত্তন বিনায় কৃত্য শেষ নাথাকয়।
ৰাম কৃষ্ণ নাম কীৰ্ত্তনে কৃষ্ণৰ কৃপাৰ মন্দিৰ হয়॥৯৬৯
ৰাম কৃষ্ণ নাম কীৰ্ত্তন প্ৰভাৱে সংসাৰ সুখে তৰয়।
ৰাম কৃষ্ণ নাম কীৰ্ত্তনে সমস্ত বিধিনি নাশ কৰয়॥৯৭০
প্ৰভাৱ-বল।
ৰাম কৃষ্ণ নাম ৰসক লভিয়া মুকুতিকো নগণয়।
ৰাম কৃষ্ণ নাম পৰম আনন্দ সমুদ্ৰে মজি থাকয়॥৯৭১
মুকুতিকো নগণয়—মুক্তিৰ বিষয় নাভাবে।
ৰাম কৃষ্ণ নাম কীৰ্ত্তন প্ৰসাদে হৰিৰ বল্লভ হয়।
ৰাম কৃষ্ণ নাম কীৰ্ত্তন কৰিয়া হৰিকো বশ্য কৰয়॥৯৭২
নাম কীৰ্ত্তন প্ৰসাদে- নাম কীৰ্ত্তনৰ গুণত।
বল্লভ-প্ৰিয়পাত্ৰ।
ৰাম হৰি জয় ৰাম হৰি
গোপাল গোবিন্দ ৰাম হৰি জয়॥৯৭৩
ৰাম হৰি জয় ৰাম হৰি জয় ৰাম॥৯৭৪
এ হৰি হৰি ৰাম জয়। ৰাম হৰি জয় ৰাম গোবিন্দ॥৯৭৫
ৰাম জয় জয় ৰাম জয়।
মুকুন্দ মুৰাৰি ৰাম ছবি জয়॥৯৭৬
পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭৪
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭০
সটীক নামঘোষা
