পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৭
সটীক নামঘোষা

 প্ৰাৰ্থনা—নিবেদন
 এ ৰাম ৰাম ৰাম জয় পৰমানন্দ।
 পীয়ো তযু চৰণকমল মকৰন্দ॥৮৪৩
 এ ৰাম কৃষ্ণ ৰাম নাৰায়ণ।
 তযু পদকমলে মজোক মেৰি মন॥৮৪৪
 এ ৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন।
 তুমিসে ঈশ্বৰ দেৱ ভকত ৰঞ্জন॥৮৪৫
ভকত ৰঞ্জন—ভকতক আনন্দ দিওঁতা।
 এ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
 তুমি গুণ নিয়ন্তা নিৰ্গুণ গুণ ধাম॥ ৮৪৬
গুণ নিয়ন্তা-সত্ব ৰজ তম এই তিনি গুণ চলাওঁতা।
গুণধাম-সৰ্বগুণৰ আধাৰ।
 ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম
 শ্ৰীৰাম দেৱ ৰঘুপতি।
 হে প্ৰভু ৰঘুনাথ, প্ৰাণমো দমায়া মাথ
 তুমি মোৰ হৈ নিজ গতি হৰি ৰাম
 ৰঘুকুল নন্দন মুৰাৰি॥৮৪৭
দময়া মাথ-মূৰদোৱাঁই।
 গোপাল গোবিন্দ ৰাম, গোপাল গোবিন্দ ৰাম,
 গোপাল গোবিন্দ জয় ৰাম।