পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৬
সটীক নামঘোষা

 চিদানন্দ ৰাম সদানন্দ হৰি
 নিত্যানন্দ কৃষ্ণ মোক লৈয়ো দাস কৰি॥৮৩৪
 হৰি তুমি আনন্দ সিন্ধু
 হামো ভিক্ষাৰী মাগো এক বিন্দু॥৮৩৫
 হে হৰি, তুমি আনন্দ সাগৰস্বৰূপ আনন্দময়; মই ভিক্ষাৰী,
তোমাৰ ওচৰত একবিন্দু আনন্দ খুজিছোঁ।
 মধুৰিপু ৰাম ৰঘুপতি তোমাৰ চৰণে মোৰ গতি॥৮৩৬
 অৰুণ চৰণে দিয়ো ছায়া ৰাম ৰাম।
 তেৱেসে তৰবো তযু মায়া ৰাম ৰাম॥৮৩৭
 দান্তে তৃণ ধৰি চৰণত লাগো
 তষু কৃপা ৰসৰ কণিকা এক মাগো॥৮৩৮
 দয়া কৰা দয়া কৰা মোৰহে ৰাম।
 তোমাৰ চৰণে হৰি, হৃদয় পঙ্কজে ধৰি
 মুখে লৈবো তুৱা গুণ নাম এ যদুমণি এ॥৮৩৯
 ৰাম কৃষ্ণ বুলি অনাথে ডাকয় এ হৰি নাৰায়ণ।
 অনাথক দয়া কৰা কৃপাময় এ হৰি নাৰায়ণ॥৮৪৩
 নাৰায়ণ নৰায়ণ নাৰায়ণ নাৰায়ণ জয় নাৰায়ণ।
 তোমাৰ অৰুণ চৰণ পঙ্কজে নিমজোক মৰি মন॥৮৪১
নিমজোক-মোহ য’ক, ডুব য'ক।
মেৰি-মোৰ।
 নাৰায়ণ নাৰায়ণ তুৱা চৰণে আমাৰ।
 মজোক মন জয় ৰাম॥৮৪২