পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৭
সটীক নামঘোষা

মনাই-মন।
 নিচিন্তি আছস কমনে মনাই এ,
 সুখৰ সাগৰ হৰিত নকৰি ৰতি ৰাম ৰাম,
 আলাস তেজিয়া ভজিয়ো মনাই এ,
 ভৃত্য-ভয়হাৰী হৰি পৰম গতি ৰাম ৰাম॥৭২০
ভৃত্য-ভয়হাৰী − শৰণগতক ৰক্ষা কৰোঁতা।
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলৰে পামৰ মন,
 ভুলিয়া কমনে পাপীৰ মৰ।
 যাৰ মায়াপাশে বন্দী হুয়াছ পামৰ মন,
 তান দুই চৰণত ধৰৰে পামৰ মন,
 ভুলিয়া কমনে পাপী॥৭২১
ভুলিয়া কমনে পাপীৰ মৰ − ভগৱনৰ নাম নলৈ কিয় মায়াত আবদ্ধ হৈ সংসাৰত নানা লালাট ভুঞ্জ।
 গোবিন্দ বোল মনাই, মুকুন্দ বোল মনাই,
 ব্ৰহ্মা হৰে যাত শৰণ পশয়,
 আনৰ কোন বঢ়াই॥৭২২
আনৰ কোন বঢ়াই − আনৰ কথা কি! অন্যৰ কথা বেচি আৰু কি কম!
 বিষয় বিকলে নমৰ মন।
 দায়ে চিন্তিয়ো হৰিৰ চৰণ॥ ৭২৩