পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৮
সটীক নামঘোষা

বিকল—অসমৰ্থ, বিহ্বল।
বিষয় বিকলে—বিষয়ৰ বিহ্বলতাত অৰ্থাৎ বিষয়ত পৰি বিহ্বল বৈ?

 নিগম নিগূঢ় হৰিৰ নাম।
 নলৈয়া মন কৰ কোন কাম॥ ৭২৪
নিগম নিগূঢ়—ভাগৱত আদি নিগম শাস্ত্ৰৰ গুপ্ত ৰহস্য।
 ভৱসিন্ধু সেতু হৰি হৰণ।
 যমকাল মায়া দুঃখ তৰণ॥৭২৫
ভৱসিন্ধু সেতু হৰি চৰণ-হৰিৰ ধ্যান সংসাৰৰূপ সাগৰৰ সাঁকো স্বৰূপ; সাকোৰে পানী পাৰ হোৱাৰদৰে হৰিনাম লৈ বা তেওঁক ধ্যান কৰি মুক্তিলাভ কৰিব পাৰি।

 কপট আচাৰ তেজিয়ো মন।
 কেৱলে ভজিয়ো হৰি চৰণ॥৭২৬
কপট আচাৰ-কপট ভাব; মুখেৰে নাম লোৱা, অন্তৰত তেওঁক নাভাবা।
 কৈতব তেজিয়া ভজিয়ো হৰি।
 তেবেসে হৰি লৈবে দাস কৰি॥৭২৭
কৈতব তেজি—কপট ভাব এৰি।
মায়াৰপৰা কপট ভাৱ জন্মে, সেয়ে মায়াৰ হাত সৰাও হব পাৰে।