পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৬
সটীক নামঘোষা

 ন বঞ্চিতো বতাত্মব্ৰুক্ পুণ্যেন মহতা ভুৰি।
 লব্ধাপবৰ্গং মানুষ্য়ং বিষয়েষ বিসৰ্জ্জতে॥ ৬৮২

[ ৬৮২]

কত মহা দুঃখে পুণ্য কৰি  অপবৰ্গ যোগ্য নৰতনু
 পায়া পৃথিবীত বিষয়ত মজি ৰৈল।
ইটো খেদ হৰিসেৱা তেজি  আপোনাক আত্মঘাত কৰি
 সিটো মহাপাপী আপুনি বঞ্চিত ভৈল॥

অপবৰ্গ-মুক্তি, সংসাৰ-বন্ধমোচন, জীবাত্মা পৰমাত্মাৰ মিলন, ফলসিদ্ধি।

 জীৱে কত জন্মত নানা কষ্ট কৰি পুণ্য সঞ্চয় কৰি মুক্তিলাভ কৰিব পাৰা এই নৰতনু পালে; (অন্যান্য জন্মত জীৱৰ বুদ্ধি বিবেচনা শক্তি কম থকাত ভগৱানক ভক্তি কৰিব নোৱাৰে; মানৱ জন্মত ভগৱানক ভাবিব পৰা শক্তি পায় (জীৱে বহুত জন্মৰ মূৰত কৰ্ম্মফল স্বৰূপ এনে নৰতনু পালে), কিন্তু হে হৰি, এইটো বৰ বেজাৰৰ কথা যে, এনে নৰতনু পায়ো জীৱে ভগৱানক সেৱা নকৰি ভাৰ্য্যা, পুত্ৰ, ধন আদি বিষয়ত মোহ গৈ এই পৃথিবীত ৰল অৰ্থাৎ মুক্তিলাভ কৰিব নোৱাৰিলে; সেইলোক মহাপাপী, তেওঁ নিজে নিজৰ অনিষ্ট কৰি যুক্তি-সুখৰপৰা বঞ্চিত হল।

ভাগৱত প্ৰশংসা

 ৰাজন্তে তাৱদন্যানি পুৰাণাদি সতাংগণে।
 বাৰদ্ভাগৱতং নৈব শ্ৰয়তেহমৃতসাগৰং॥৬৮৩