পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৭
সটীক নামঘোষা

[৬৮৩]

ভাৰত পুৰাণ আদি যত  প্ৰকাশ কৰয় নানামত
 যত মহাজনসবৰ সভা মধ্যত।
পৰম আনন্দ ৰসময়  কোটি সূৰ্য্যসম প্ৰকাশয়
 মহা ভাগৱত নোহন্ত যেৱে বেকত॥

কোটি সূৰ্য্যসম প্ৰকাশ – কোটি সূৰ্য্যসম প্ৰকাশ পোৱা।
 পণ্ডিতসকলে সাধুসকলৰ সমাজত মহাভাৰত, পুৰাণ আদি নানা ভাৱে ব্যাখ্যা কৰি সকলোৰে মনত তেতিয়ালৈ আনন্দ দিয়ে, যেতিয়ালৈ পৰম আনন্দদায়ক ৰসযুক্ত কোটি সূৰ্য্যৰদৰে প্ৰকাশ কৰা মহ- ভাগৱত শাস্ত্ৰ ব্যাখ্যা কৰা নহয় অৰ্থাৎ কোটি সূৰ্য্যৰদৰে জিলিকা পৰম আনন্দদায়ক ভগৱানৰ ভক্তিৰসে ভৰা মহাভাগৱতৰ আগত মহাভাৰত অন্যান্য পুৰাণ আদি একো নহয়, মহাভাগৱত পূৰাণহে সকলো ভক্তি গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ।

পৰম পুৰুষাৰ্থ

[ ৬৮৪ ]

 একান্তিনো যস্য ন কিঞ্চনাৰ্থং
 বাঞ্চন্তি যে বৈ ভগৱৎ প্ৰপন্নাঃ।
 অত্যদ্ভুতং তচ্চৰিতং সুমঙ্গলং
 গায়ন্তি আনন্দ সমূদ্ৰমগ্নাঃ॥ ৬৮৩