পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৯
সটীক নামঘোষা


 যি মানুহে শ্ৰদ্ধা কৰি ভগৱানৰ কথা শুনে আৰু তেওঁৰ নাম-গুণ কীৰ্ত্তন কৰে, সেই মানুহৰ অন্তৰত অলপ দিনৰ ভিতৰতে ভগৱানে দৰ্শন দিয়ে অৰ্থাৎ তেওঁ ভগৱানৰ সত্ত্বা অনুভৱ কৰিব পাৰে।

[ ৪৪১]

অপাৰ আনন্দ ৰস ৰাম-কৃষ্ণ বাণী।
ৰাম কৃষ্ণ নাম মুখে নছাৰিবা জানি॥

 ভগৱানৰ ৰাম-কৃষ্ণ আদি নাম কীৰ্ত্তন কৰিলে হৃদয়ত অপাৰ আনন্দ- ৰস জন্মে; ইয়াকে জানি সদায় তেওঁৰ নাম নোলোৱকৈ নাথাকিবা।

[ ৪৪২ ]

জপ ৰামনাম ভাই ভাৱকসকল।
ৰামনাম বিনে নাই পৰম মঙ্গল॥

 মানুহৰ মন স্থিৰ নাথাকে; সদায় যি কোনো বিষয় ভাবি থাকে। সেই কাৰণে “ভাৱক” বুলি সম্বোধন কৰি কৈছে, হে ভাবুক ভাই- সকল, সদায় ৰামনাম জপ কৰি থাকা; ৰামনামৰ বাহিৰে পৰম মঙ্গলদায়ক কেনো বস্তু নাই।

[ ৪৪৩ ]

ভাবিও ভাৱক ভাই ৰাম নাম সাৰ।
নিগমে নকহে ৰাম নাম বিনে আৰ॥

 হে চিন্তাশীল ভাই, ৰাম নাম চিন্তা কৰা; ৰাম নামেই সকলো ধৰ্ম্মৰ সাৰ; ভগবৎ তত্ত্ব থকা শাস্ত্ৰত ৰাম নাম কীৰ্ত্তনৰ বাহিৰে আনক শ্ৰেষ্ঠ বুলি নকয়।