পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
সটীক নামঘোষা


[ ৪৪৪]

কৃষ্ণ-পদ-সেৱা সুখ পৰম দুৰ্ল্লভ।
হৰি সেৱা বিনে আন সকল সুলভ॥

 অন্যান্য সাংসাৰিক খন্তেকীয়া সুখ মানুহে অলপ যত্ন কৰিয়েই লাভ কৰিব পাৰে, কিন্তু হৰিক চিন্তা কৰি পোৱা সুখ যেই সেইটিহে পাব পাৰে।

[ ৪৪৫ ]

কৃষ্ণ পাদ-পদ্ম তৈল যাহাৰ আশ্ৰয়।
তাহাৰেসে গুচয় নিঃশেষ দুঃখচয়॥

 যি মানুহে ভগৱানক আশ্ৰয় কৰি তেওঁক চিন্তা কৰে, সেইলোকৰ সংসাৰৰ সকলো প্ৰকাৰ দুখ-কষ্ট দূৰ হয় অৰ্থাৎ তেওঁ মুক্তিলাভ কৰে।

[ ৪৪৬ ]

হৰি কীৰ্ত্তনত ভাই নকৰিবা হেলা।
এহিসে ৰাখিব ঘোৰ সঙ্কটৰ বেলা॥

 [সংসাৰখন দুখ-বিপদ-জড়া ব্যাধিৰে পূৰ্ণ; হৰিনাম লোৱা অভ্যাস থাকিলে এইবোৰ সঙ্কট-অৱস্থাত মানুহ স্থিৰ থাকিব পাৰে।] হে ভাই, হৰি নাম কীৰ্ত্তন কৰিবলৈ হেলা নকৰিবা; সঙ্কটৰ সময়ত এই নাম কীৰ্ত্তনেহে তোমাক ৰক্ষা কৰিব।

[ ৪৪৭]

হৰিপদ পঙ্কজত পশিয়ো শৰণে।
দিয়োক একান্ত চিত্ত কৃষ্ণৰ কীৰ্ত্তনে॥