পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯১
সটীক নামঘোষা

পৰা মুক্তি লাভ কৰিব নোৱাৰি। গতিকে জন্ম বিফলে যায়। হে ভাই, সকলোৱে মন স্থিৰ কৰি একান্ত মনে হৰি-নাম স্মৰণ কৰা হৰি-নাম কীৰ্ত্তন কৰিলেহে নৰজন্ম সফল হয়।

[ ৪১৩—৪১৪]

হৰি গুণ গাৱ ভাই কৰিয়া উৎসৱ।
গুণতেসে তুষ্ট গুণ-লুবুধ মাধৱ॥
আনন্দ কৰিয়া হাৰ গুণ গাৱা যেৱে॥
ভৱ-সিন্ধু তৰিয়া হৰিক পাইবা তেৱে॥

 হে ভাই, আনন্দ কৰি হৰিৰ নাম-গুণ কীৰ্ত্তন কৰা; গুণ কীৰ্ত্তনত ভোল যোৱা ভগৱানে তেওঁৰ গুণ কীৰ্ত্তন শুনিলেই তুষ্ট হয়।

 আনন্দ মনে হৰিৰ নাম-গুণ কীৰ্ত্তন কৰিলে সংসাৰ-সাগৰ পাৰ হৈ অৰ্থাৎ মুক্তি লাভ কৰি ভগৱানক পাব পাৰি।

[৪১৫]

হৰি গুণ নাম গাৱ আনন্দ কৰি মনে।
চিন্তামণি তনু ভাই বিফল কৰা কেনে॥

 চিন্তামণি—বাঞ্চিত ফলপ্ৰদ মণি; (কথিত আছে, যে এই মণি যাৰ ঘৰত থাকে তেওঁ যি ইচ্ছা কৰে তাকে পায়;) স্পৰ্শ মণি . ব্ৰহ্ম চিন্তাত সৰ্ব্বকামপ্ৰদ মণি স্বৰূপ।

 আনন্দমনে হৰিৰ নাম-গুণ কীৰ্ত্তন কৰা চিন্তামণিস্বৰপ শৰীৰ পাই তাক কিয় বিফল কৰা, অৰ্থাৎ চিন্তামণিৰ স্পৰ্শত বাঞ্চিত ফল পোৱাৰ দৰে ইচ্ছা কৰিলে যি শৰীৰেৰে (তাৰ ভিতৰত বৃত্তিবোৰ