পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
সটীক নামঘোষা

নমো কি নমো ৰাম নমো নাৰায়ণ।
অনাদি অনন্ত সন্ত শিৱ সনাসন॥
জয় নমো নাৰায়ণ দৈৱকী নন্দন।
পৰম পুৰুষ সদাশিৱ সনাতন॥

 হে হৰি, নাৰায়ণ, ৰাম, তোমাক মই প্ৰণাম কৰোঁ; তোমাৰ নাম গুণ কীৰ্ত্তন ধৰ্ম্ম সকলো ধৰ্ম্মতকৈ শ্ৰেষ্ট।

 হে গোবিন্দ, ৰাম, মুকুন্দ, মাধৱ, মই তোমাক বন্দনা কৰোঁ; কিয়নো তোমাৰ নাম স্মৰণ কৰিলেই পাপ নাশ কৰি উদ্ধাৰ হব পাৰোঁ; অৰ্থাৎ মুক্তি লাভ কৰিব পাৰোঁ।

 হে নাৰায়ণ, ৰাম, মই তোমাক নমস্কাৰ কৰো; তুমি অনাদি অনন্ত, সত্য, মঙ্গলময় আৰু নিত্য।

 হে দৈৱকীনন্দন, নাৰায়ণ, তোমাৰ নামৰ জয় হওক; মই তোমাক নমস্কাৰ কৰোঁ; তুমিয়েই পৰমেশ্বৰ সদামঙ্গলময় আৰু সনাতন;

উপদেশ
[ ৪১২]

হৰিবোল হৰিবোল কৰি মন স্থিৰ।
তেৱেসে সফল হোৱে মনুষ্য শৰীৰ॥

 [অনেক জন্মৰ পাচত বুদ্ধি বিবেচনাযুক্ত মানুহ জন্ম ধৰা যায় আন জন্মত জ্ঞান নাকাৰ বাবে হৰিক ভজিব নোৱাৰি; মানুহ জন্মত যদি জ্ঞান-বুদ্ধি পাইয়ো হৰিক ভজা নাযায়, তেন্তে সংসাৰৰ