পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৭
সটীক নামঘোষা

মুক্তানামপি সিদ্ধানাং নাৰায়ণপৰায়ণঃ।
সুদুৰ্ল্লভঃ প্ৰশান্তাত্মা কোটিদপি মহামুনে॥ (৩৪৬)

[ ৩৪৬ ]

পৰম প্ৰশান্ত নাৰায়ণ পৰ
 মুক্তৰো মাজে বিৰল।
এহিমানে মাত্ৰ পুৰুষাৰ্থ সাৰ
 হৰিৰ সেৱাৰ বল॥

 ভগৱানত প্ৰীতি থকা লোক অতি শান্তিযুক্ত, এনে শান্তি থকা বা আত্ম-আনন্দলাভ কৰা লোক জীৱন্মুক্তসকলৰ ভিতৰতো কম; হৰিপদ সেৱাৰ বলত লাভ কৰা এই আত্ম-প্ৰসাদেই জীৱৰ পৰম পুৰুষাৰ্থ অৰ্থাৎ জীৱে আত্ম-আনন্দ লাভ কৰিবৰ উদ্দেশ্যেহে হৰি-পদ সেৱা কৰে।

বধা ন তে ভূৰি ভৰিৰ্ভাৱতাৰ ভাবাৱসন্নস্য হৰেৰ্ধৰিত্ৰী।
অন্তৰ্হিতস্য স্মৰতি বিসৃষ্টা কৰ্ম্মাণি নিৰ্ব্বাণ বিড়ম্বিতানি॥

(২৪৭-৩৫০)

[ ৩৪৭ ]

ধৰ্ম্মে পৃথিবীৰ আগত কহিলা
 মহাভাগৱত ধৰ্ম্ম।
মুকুতি সুখৰ  কেৱল আশ্ৰয়
 জানা মাধৱৰ কৰ্ম্ম॥

১৭