পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৬
সটীক নামঘোষা

[ ৩৪৪ ]

কৃষ্ণ নাম ইটো পৰম মঙ্গল
 যাহাৰ থাকে বাক্যত।
সিটো পুৰুষৰ ভস্ম হুয়া যায়
 মহাপাপ কোটি শত॥

 যাৰ মুখত পৰম মঙ্গলময় কৃষ্ণ নাম থাকে অৰ্থাৎ যিসকলে সময়তে ঈশ্বৰৰ নাম উচ্চাৰণ কৰে, সেই মানুহৰ অসংখ্য মহাপাপ থাকিলেও সেইবোৰ নাশ হয় অৰ্থাৎ সেই মানুহৰ আৰু পাপ কাম কৰিবলৈ প্ৰবৃত্তি নজন্মা হয় আৰু ক্ৰমে তেওঁ পৱিত্ৰ হৈ উঠে।

[ ৩৪৫ ]

পৰম উজ্বল হৰি নাম ৰত্ন
 কণ্ঠতো যিটো পিন্ধয়।
তাহাৰ পুৰুষ  যতেক আছয়
 সবাকে শোভা কৰয়॥

 যি মানুহে পৰম পবিত্ৰ হৰি-নাম ৰূপ উজ্জ্বল ৰত্ন (মণি) গলত পিন্ধে অৰ্থাৎ যি মানুহে অহৰ্ণিশে সুপৱিত্ৰ হৰি-নাম লয়, সেই লোকে পিতৃ, পিতামহ, পুত্ৰ, নাতি আদি সকলো পুৰুষ শুৱনি কৰে অৰ্থাৎ বংশৰ গৌৰৱ বঢ়ায়।