পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
সটীক নামঘোষা

ধন্নাম সংকীৰ্তনতো নিশাচৰা দ্ৰৱন্তি ভূতান্যপষান্তি চাৰয়ঃ।
নাশং তথা সম্প্ৰতি ষান্ত্যসত্যং ধৰ্ম্মাদি সত্যং ভৱতীহ বিষ্ণু।

(৩৪১-৩৪৩)

[ ৩৪১ ]

ৰাম নাম মহা প্ৰমত্ত সিংহৰ
 ধ্বনি শুনি ৰিণি ৰিণি।
পাপময় যত মাতঙ্গ পলায়
 মিলিল হেৰা বিঘিনি॥

প্ৰমত্ত— বলী।

মাতঙ্গ— হাতী।

হেৰা— এই৷

 যিদৰে হাতীয়ে বৰ সিংহৰ গোজৰণি দূৰৰপৰা শুনি “এই বিপদ পালেহি” বুলি পলাই ফাট মাৰে, সেইদৰে ৰাম নামৰ উচ্চা- ৰণ শুনিলে পাপযুক্ত কামবোৰ ভয়ে ভয়ে আঁতৰি যায়; অৰ্থাৎ যি একান্ত মনে ৰাম নাম উচ্চাৰণ কৰে, তাক পাপে চুব নোৱাৰে।

[ ৩৪২ ]

ৰাম কৃষ্ণ নাম কীৰ্ত্তন বাড়ৱ
 অগনিৰ শিখা লাগি।
অসুৰ ৰাক্ষস  পাষণ্ড পিশাচ
 পলাই দশদিশ ভাগি॥