পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৫
সটীক নামঘোষা

বাড়ৰ অগনি— হাবিত আপুনি উঠা জুই।

 হাবিত বাড়ৱাগ্নি জ্বলিলে তাত থকা অসুৰ, ৰাক্ষস আদি যেনি পায় তেনি পলোৱাৰ দৰে ৰাম নামৰ কীৰ্ত্তন হলে তাৰ গুণত ৰোগ, শোক, তাপ, পাপ, দুখ আদি আঁতৰি যায়। অৰ্থাৎ হৰিৰ নাম একান্ত মনে কীৰ্ত্তন কৰিলে সংসাৰ দুখে জীৱক পীড়া কৰিব নোৱাৰে, কোনো পাপেও চুব নোৱাৰে।

[ ৩৪৩ ]

জয় জগজীৱ জগত কাৰণ
 জয়তি জগনিবাস।
তোমাৰ ভকতি ৰসে মুকুতিকো
 কৰে অতি উপহাস॥

জগজী—জগতৰ জীৱন।

জয়তি—জয়যুক্ত।

জগনিবাস—জগতেই যাৰ বাসস্থান, ভগৱান।

উপহাস কৰে—ঠাট্টা কৰে, ফিৰি নাচায়।

 হে জগতজীৱন স্বৰূপ, জগতৰ উদ্ভৱৰ মূল সৰ্ব্বব্যাপী ভগৱান, তোমাৰ নামৰ জয় হওক; তোমাক তক্তি কৰিলে যি ৰস জন্মে, সি মুক্তিকো উপহাস কৰে অৰ্থাৎ তোমাৰ নামত প্ৰেম উপজিলে মুক্তিলৈ মানুহে নাভাৱে, [মুক্তি আদিৰ কামনা মনত উদয় নহয়]।

কৃষ্ণেতি মঙ্গলং নাম যস্য বাচি প্ৰৱৰ্ত্ততে।
তস্মী ভবতি ৰাজেন্দ্ৰ! মহাপাতক কোটয়ঃ॥ (৩৪৪)