পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৫
সটীক নামঘোষা

[ ৩২৪ ]

হে প্ৰাণহৰি দান্তে তৃণ ধৰি
 মাগোহো তোমাৰ পাৱে।
মোৰ মন মজি তোমাৰ নামত
 ৰহোক হৰি স্বভাৱে॥

হে প্ৰাণহৰি, মই অতি কাতৰভাৱে তোমাৰ চৰণত প্ৰাৰ্থনা কৰে, যেন মোৰ মন আপোনা আপুনি তোমাৰ নামত যদি থাকে; অৰ্থাৎ মোৰ মনে যেন সদায় তোমাৰ নাম লৈ অথ কথঞ্চিৎ স্বলন- ক্ষুৎ-পতন-জন্তণ-দুৰৱস্থাদি, বিবশানাং নঃ স্মৰণায় জৰা-মৰণদশায়ামপি সকল- কল নিশনানি তব গুণকৃত নামধেয়ানি বচন- গোচৰাণি ভবত্ত্বিতি॥ ৩২৫-৩২৬ [ ৩২৫ ]

জৰ তাপ পীড়া মৰণ সময়ে
 কৰা হৰি কৃপা মোক।
তযু গুণ নাম শ্ৰবণ স্মৰণ
 বচন গোচৰ হোক॥

জৰ-জৰা৷ গোচৰ হোক-শুনিবলৈ পাওক।

 হে হৰি, মোৰ বৃদ্ধাৱস্থাত, তাপ পোৱা সময়ত, বেমাৰত আৰু এই মতা কালত এনে কৃপা কৰা যেন সেই সেই সমস্বত্ৰ তোমাৰ