পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সটীক নামঘোষা

নাম মোক আনে শুনায়, মই নিজে যেন তোমাৰ নাম শুনিবলৈ পাওঁ, মনত ধাৰণা কৰিব পাৰোঁ আৰু যেন মুখেৰে তোমাৰ নাম উচ্চাৰণ কৰিব পাৰোঁ।

[ ৩২৬ ]

গোপিনীৰ ধন ব্ৰজৰ জীৱন
 মোহন ৰাম গোবিন্দ।
পৰম সাদৰে  শিৰে তুলি ধৰোঁ
 তযু পদ অৰবিন্দ॥

অৰবিন্দ- ৰঙাপদ্ম, পদ্ম।

 হে গোপিনীৰ আৰাধনাৰ ধন, ব্ৰজবাসীৰ জীৱন স্বৰূপ মোহন ৰাম গোবিন্দ, তোমাৰ পাদপদ্ম বা ৰাতুল চৰণ মই অতি সাদৰেৰে মুৰত তুলি লওঁ অৰ্থাৎ একান্ত মনে মই তোমাৰ আশ্ৰয় লওঁ।

তত্ৰৈব গঙ্গা যমুনা চ তত্ৰ
 গোদাবৰী ও সৰস্বতী চ।
সৰ্ব্বাণি তীৰ্বাণি বসন্তি তন্ত্ৰ
 যত্ৰাচ্যুতোদাৰ কথাপ্ৰসঙ্গঃ॥

নাম মহিমা

[ ৩২৭ ]

কৃষ্ণৰ পৰম  নিৰ্ম্মল উদাৰ
 কথাৰ যৈত প্ৰকাশ।
গঙ্গা আদি কৰি  যত তীৰ্থ আছে
 তৈতেসে কৰে নিবাস॥