পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ সটীক নামবোৰা ভাৰেতেতিয়ালৈ। যাৱে-যেতিয়ালৈ। অকল ভক্তিয়েই জীৱক উদ্ধাৰ কৰিব পাৰে; পৰমেশ্বৰৰ প্ৰতি ভক্তি জন্মিলে মুক্তি পাবলৈ জীৱৰ জ্ঞানাৰ্জন আৰু কৰ্ম্মানুষ্ঠানৰ একো আবশ্যক নাই। যেতিয়ালৈ জীৱে ভক্তিযুক্ত নহয় তেতিয়ালৈ জ্ঞানাৰ্জন কৰ্ম্মানুষ্ঠানে জীৱক মুক্তি দিব নোৱাৰে। ] [ জীৱ শুদ্ধ হবলৈ জ্ঞান আৰু কৰ্মৰ লগত জীৱক ভক্তি লাগে। অকল ভক্তি হলেও জীৱে মুক্তি লাভ কৰিব পাৰে।] 2 কলিনা দুই সৰ্পেন দষ্টামিহ ভেষজং। নাস্তি নাস্ত্যেব নাস্ত্যেব ৰামনামামৃতং বিনা ২০১ [২১] দুষ্ট কলি সৰ্পে সবাকে দংশিলে হৰাইল চেতন জ্ঞান। ইহাৰ ঔষধ সুধা-মনাম বিনে নাহি নাহি আন॥ চেতন জ্ঞান চেতন-সংজ্ঞা) সংজ্ঞা স্বৰূপ আৰ। সুধা-অমৃত। বিশাল সাপে খুটিলে যিদৰে মানুহৰ জ্ঞান হেৰায়, সেইদৰে কলি কালত জীৱ মোহত পৰাও মিছা, ফাকি, প্ৰৱঞ্চনা, কাম, ক্ৰোধ আদিয়ে জীৱক পীড়া কৰিছে আৰু তাৰ ফলত সংজ্ঞা