পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। যত অপৰাধ নাম অপৰাধ সবে মসিমুৰ কৰে। নাম অপৰাধপৰমেশ্বৰৰ নামৰ প্ৰতি অজ্ঞা দেখুৱা দোষ। দোৰ বৰ গুৰুতৰ। মসিমূৰ-ধংস; সমুলি নাশ। পৰমেশ্বৰৰ ৰামকৃষ্ণ আদি নাৰ মৰণেই পৰম ধৰ্ম্ম; বি লোকে সেই ৰাম-কৃষ্ণ আদি নাম একান্তমনে হৃদয়ত বিশ্বাস কৰি জপ কৰে, ৰে সকলো প্ৰকাৰ দোষ ৰা পাপ আনকি নাম অপৰাধো ধ্বংস হয় অৰ্থাৎ তেওঁক কোনো দোষে স্পৰ্শ কৰিব নোৱাৰে, তেওঁ শুদ্ধ জীৰ হৈ উঠে। [ a b ] ঘোৰ সংসাৰৰ ঔষৰ হৰিৰ নামক তেজি সম্প্ৰতি। আবৰ কমন উপায়ে পণ্ডিতে লভিবে জাপোন গতি। কাম, ক্ৰোধ, লোভ আদি ৰোগে পীড়া কৰা এই সংসাৰৰ ঔষধ হৈছে হৰি-নাম অৰ্থাৎ হৰিনামেৰে সংসাৰৰ জন্ম-মৃত্যুৰ হাত সাৰিব পাৰি; এনে উপকাৰী হৰিনাম এতিয়া ত্যাগ কৰি ( একান্তমনে নলৈ) কি উপায়েৰে পণ্ডিতসকলে মুক্তি লাভ কৰিব খুজিছে কব নোৱাৰে॥