পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। পাপে তোক স্পৰ্শ কৰিব নোৱাৰে। তুমি জ্ঞানময়, তুমি তক্তৰ মনস্কামনা পূৰণত অসীম ক্ষমতাশালী। তুমিয়েই পুৰুষ, জগতৰ সত্ত্বা, তোমাৰ আদি-অন্ত নাই। হে সদানন্দ, জগতৰ কাৰণ স্বৰূপ বাসুদে ভগৱন্ত প্ৰভু, তোমাক মই সেৱা কৰে। | ১৯৬ ] ৰাম নিৰঞ্জন দানৱ গঞ্জন ভকত ৰঞ্জন দেৱ। তুমিসে পৰম গুৰু নাৰায়ণ তুৱা পাৱে কৰে সেৱ। নিৰঞ্জন-নিৰ্ম্মল, পৰমব্ৰহ্ম। হে ৰাম! হে নিৰঞ্জন! হে দুষ্ট দানৱনিধনকাৰী! হে ভকতৰ চিত্তবিনোদকাৰী হৰি। হে নাৰায়ণ। একমাত্ৰ তুমিহে মোৰ পৰম গুৰু! তোমাৰ চৰণত সেৱা কৰে। উপদেশ নামাপৰধযুক্ত'ন নামাবে হৰন্ত্যঘং। অবিশ্ৰান্তি প্ৰযুক্তানি তাবোৰ্থক ৰাণি যৎ ১৯৭ ৰাম কৃষ্ণ নাম ধৰ্ম্ম অনুপাম হৃদয়ে যিটো সুমবে।