পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
সটীক নামঘোষা

অৱস্থিতি কৰাত বিশ্বৰ পঞ্চভূতক নিজৰ অঙ্গশোভাৰ অলঙ্কাৰ কৰাৰ দৰে হৈছে; সেই কাৰণে ভগৱানক বনমালী বোলে।

[ ১৫১ ]

ঈশ্বৰ সেৱাৰ সুখ লভিয়া ইন্দ্ৰিয় জন্য
 সুখ জীৱে অধস্কৃত কৰে।
এহি কাৰণত সবে জানিবাহা অধোক্ষজ
 নাম ধৰি আছা দামোদৰে॥

অধস্কৃত— পৰাভূত, পৰাজয়, তুচ্চজ্ঞান কৰি এৰি দিয়া।

অধোক্ষজ—বিষ্ণু, ইন্দ্ৰিয়াতীত, অতীন্দ্ৰিয়।

 জীৱে ঈশ্বৰ সেৱাৰ সুখ লাভ কৰি অৰ্থাৎ ভক্তিৰস পান কৰি ইন্দ্ৰিয়ৰপৰা হোৱা সুখক তুচ্চজ্ঞান কৰি এৰি দিয়ে। এই কাৰণেই ঈশ্বৰে অধোক্ষজ বা ইন্দ্ৰিয়াতীত (ইন্দ্ৰিয়ৰ বাহিৰ) নাম লৈছে।

[ ভগৱান ইন্দ্ৰিয়াতীত; জীৱ তেওঁৰ লগত মিলিব খুজিলে, তেওঁক ভজি ইন্দ্ৰিয়-সুখলৈ পিঠি দিব লাগিব। জীৱে ইন্দ্ৰিয়-সুখ ত্যাগ কৰি ভগৱানক সেৱা কৰিহে সুখলাভ কৰিব পাৰে।]

[ ১৫২ ]

চৈতন্যত কৰি পৰ মায়াত উপজি যত
 আছে তাক ৰমাৱন্ত হৰি।