পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
সটীক নামঘোষা


এহিসে কাৰণে জানা পৰম ঈশ্বৰ প্ৰভু
 পৰশুৰাম নাম আছ ধৰি॥

চৈতন্য—আত্মা, ব্ৰহ্ম, পৰমাত্মা, ঈশ্বৰ।

পৰ— ( আত্মাতকৈ ) ভিন্ন, বাহিৰা। 'পৰ’ত শু’ যোগ হলে পৰশু হয়।

পৰশু—( আত্মতকৈ ) বেলেগ ৰস্তুবোৰ।

পৰশুৰাম—আত্মাৰ বাহিৰে অহ্য বস্তুবোৰ সক্ৰিয় কৰে।

ৰমাৱন্ত—ৰমণ কৰে, সক্ৰিয় কৰে।

 বস্তু আৰু তাৰ ছাঁয়া যেনে, চৈতন্য আৰু মায়াও তেনে। চৈতন্য বা ভগৱানে একো নকৰে, তেওঁৰ সৃষ্টি যি মায়া, তাৰ দ্বাৰাহে এই সৃষ্টি হৈছে। বস্তু নাথাকিলে যেনেকৈ ছাঁয়া নাথাকে, ভগৱান নাথাকিলেও মায়াৰ উদ্ভৱ নহলহেঁতেন। উৎপত্তি, স্থিতি আৰু নাশ শি দেখোঁ, সেইবোৰ মায়াৰ কাৰ্য্য; কিন্তু মায়া ভগৱানৰে সৃষ্ট; গতিকে মায়াৰ সৃষ্ট বস্তুবোৰো ভগৱানেই সক্ৰিয় বা প্ৰকাশ কৰে৷

 চৈতন্যৰ বাহিৰে মায়াৰপৰা উদ্ভৱ হোৱা যিবোৰ বস্তু দেখোঁ, এইবোৰো ভগৱানে সক্ৰিয় কৰে অৰ্থাৎ ভগৱান সকলোৰে ভিতৰত আছে, সেই কাৰণেহে সকলোৰে স্থিতি ঘটিছে। আত্মাৰ বাহিৰে অন্য সকলো বস্তু সক্ৰিয় কৰা বাবেই ভগৱানৰ এটা নাম পৰশুৰাম।

ৰমন্তে যোগিনোহনন্তে নিত্যানন্দে চিদাত্মনি।
তেন ৰাম পদেনাহসৌ পৰব্ৰহ্মাভিধীয়তে॥
 (১৫৩-১৫৪)