পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সঙ্গীত-কোষ

উদঙ্গাই হিযাতলি দিওঁ ভক্তি পুষ্প বুলি,
পূজোঁ প্ৰেম উপহাৰে বিভুৰ চৰণ
নমোঁহে অখিল স্বামী, অগিযানী নৰ আমি,
নেজানো কৰুণাময় ভজন পূজন।
পালো যেন মহাব্ৰত, দিযা বল হৃদযত,
কৰিছো গোহাৰি বিভু! কমল লোচন।

 ৰঘুনাথ চৌধাৰী।

২২

বেহাগ—একতালা।

মাতিছোঁ শ্ৰীহৰি কৰি কৰজোৰ।
আহাঁ হৰি কৃপা কৰি হৃদয় মন্দিৰে মোৰ॥
বিবুধি সাগৰে পৰি,  মাতিছোঁ কাতৰ কৰি,
নেৰিবা তোমাৰ দাসে দেখি পাপী মহাঘোৰ॥
নিজগুণে দযা কৰি,  তাৰাঁ মোক দয়াল হৰি,
অভয় চৰণে সপি দিলোঁ কায-মন মোৰ॥
 সত্যনাথ বৰা, বি, এল।