পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৯
বিবিধ সঙ্গীত।

১২৭
সাহানা—ঝাঁপতাল।

কিয়নো স্ৰজিলা বিধি অকামিলা নাৰী প্ৰাণ।
কিয় দিলা প্ৰেম জৰি মাৰে পুৰি অকাৰণ।
কিয়নো বসন্ত ঋতু, স্ৰজিলা দুখৰ হেতু,
 বিৰহ কিয়নো দিলা দহে হিয়া অনুক্ষণ।
কেতেকীৰ গোন্ধ লই, কিয়নো মলয়া বয়,
 কুলিৰ শুৱলা মাত লাগে গাত বিহ যেন;
বসন্ত পূৰ্ণিমা ৰাতি,  দেখি হিয়া যায় ফাটি,
 বিৰহ-শয়নে কৰোঁ পূৰ্ণ শশী নিৰীক্ষণ॥
    বেণুধৰ দাস।


১২৮
অহং—একতালা।

নিৰাশ মনেৰে বনফুল তুলি
গাঁথি মালা ধাৰি অতি যতনেৰে;
দুখীয়াৰ আৰু কি আছে কি দিম,
দিওঁ তাকে আজি কত হেঁপাহেৰে।